মুকালমুৱা মহকুমাত পুনৰ চুৰি কাণ্ডৰ ঘটনা।দিনৰ পোহৰতে চোৰে বাইক লৈ উধাও
মুকালমুৱা মহকুমাত দিনৰ পহৰতে সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা। মুকালমুৱা মহকুমাত চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ মুকালমুৱা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ সন্মুখৰ পৰা পুনৰ নিলে এখন ৰঙা ৰঙৰ গ্লেমাৰ বাইক | মুকালমুৱা আৰক্ষীৰ নাকৰ তলতে যে চোৰ-ডকাইত ঘূৰি ফুৰে তাৰ পুনৰ প্ৰমাণ পোৱা গ'ল আজি।ঘোগা গাৱঁৰ চাদ্দাম হুছেইন নামৰ লোকজনৰ AS-01-BQ -9584 নম্বৰৰ গ্লেমাৰ বাইকখন লৈ আজি দুপৰীয়া চিকিৎসালয় খনত ৰোগীৰ খবৰ লব আহিছিল। চিকিৎসালয়ৰ সন্মুখত বাইক খন ৰখাই ৰোগীৰ খবৰ লৈ আহি দেখে বাইক খন আৰু নাই। তাৰ পাছতে লোকজনৰ লাগে হাহাকাৰ।
উল্লেখযোগ্য যে, বিগত সময়ত মুকালমুৱাস্থিত চিকিৎসালয়, বেংক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি চক বজাৰৰ পৰা শ শ বাইক চোৰে চুৰি কৰাৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাত স্থানীয় ৰাইজ এতিয়া অতিষ্ঠ হৈ অসম আৰক্ষীক মুকালমুৱা মহকুমাত নিৰাপত্তাৰ দিশটো মজবুত কৰাৰ দাবী জনাইছে।
Comments
Post a Comment