গুৱাহাটীত টপচেম চিমেণ্টৰ ক্লেফ্ট অস্ত্ৰোপচাৰ সপ্তাহ আৰম্ভ



মিছন স্মাইলৰ "ক্লেফ্ট মুক্ত উত্তৰ-পূব" ৰ সৈতে অংশীদাৰ
এই প্ৰতিশ্ৰুতিয়ে মিছন স্মাইলৰ সৈতে ৪ বছৰৰ অংশীদাৰিত্ব চিহ্নিত কৰে

ষ্টাফ ৰিপ'ৰ্টাৰ,,২২ফেব্ৰুৱাৰী উত্তৰ-পূব ভাৰতৰ এক শীৰ্ষস্থানীয় চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্ট আৰু এফচিআৰএ অনুমোদিত আৰু চৰকাৰী পঞ্জীভুক্ত মেডিকেল চেৰিটেবল ট্ৰাষ্ট
মিছন স্মাইলে ২০১৮ৰ পৰা ফটা(Cleft)ওঁঠ, ফটা তালুৰ সৈতে জন্ম হোৱা আৰু অন্যান্য মুখৰ বিকৃতি শিশুসকলৰ বাবে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ প্ৰদানৰ কাম কৰি আহিছে। উত্তৰ-পূব ভাৰতক ক্লেফ্ট মুক্ত কৰাৰ বাবে এই দুয়োটাই একেলগে কাম কৰি আহিছে।টপচেম চিমেণ্টৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) উদ্যোগৰ এক অংশ হিচাপে ২০২১ত  মুঠ ৪০জন ফটা ওঁঠ ৰোগীৰ অস্ত্ৰোপচাৰ কৰা হ'ব। এই ৪০জন ৰোগীৰ ভিতৰত ২০জন অসমৰ আৰু ২০জন মেঘালয়ৰ। এই অস্ত্ৰোপচাৰ গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত অৱস্থিত মিছন স্মাইল গুৱাহাটী কম্প্ৰেহিনেছিভ ক্লেফ্ট লিপ চেণ্টাৰৰ মুখ্য কাৰ্যালয়ত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত কৰা হ'ব। এই কাৰ্যই চিকিৎসাৰ লাভ নকৰা শিশুসকলক চিৰকালৰ বাবে হাঁহি আৰু স্বাস্থ্যকৰ জীৱন যাপনত সহায় কৰিব।টপচেম চিমেণ্টে ২০১৮ত ২৪টা অস্ত্ৰোপচাৰ, ২০১৯ত ১২ টা অস্ত্ৰোপচাৰ আৰু ২০২০ চনত ৩০ টা অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ কৰিছিল। ২০২১ত ৬৬টা অস্ত্ৰোপচাৰ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ লগত আৰু ৪০টা অস্ত্ৰোপচাৰ যোগ কৰা হৈছে। সেয়েহে এইবাৰ মুঠ ১০৬টা ক্লেফ্ট অস্ত্ৰোপচাৰ কৰা হ'ব।
এই সম্পৰ্কে মেঘালয়া চিমেণ্টছ লিমিটেডৰ সঞ্চালক বজৰং লোহিয়া আৰু 
মেঘালয়া চিমেন্টছ লিমিটেডৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ডঃ অনিল কাপুৰে কয়-"যোৱা ৩ বছৰ ধৰি আমি ক্লেফ্ট অস্ত্ৰোপচাৰ হোৱা শিশুৰ প্ৰভাৱ আৰু পৰিৱৰ্তন দেখা পাইছোঁ। ক্লেফ্ট চিকিৎসাই কেৱল শিশুৰ জীৱনেই সলনি নকৰে, সফল জীৱন-যাপন কৰিবলৈ তেওঁলোকৰ আত্মবিশ্বাস আৰু আত্মসন্মান বৃদ্ধি কৰে।"
ক্লেফ্ট অস্ত্ৰোপচাৰৰ উপৰিও মিছন স্মাইলে অন্যান্য সহযোগী সমৰ্থন সেৱা প্ৰদান কৰে ৰোগীক। যেনে কম্প্ৰেহিনেছিভ চিকিৎসা মূল্যায়ন, পুনৰগঠনমূলক অস্ত্ৰোপচাৰৰ দৰে য'ত অন্তৰ্ভুক্ত থাকে অস্ত্ৰোপচাৰ, ঔষধ, পৰীক্ষা আৰু নাৰ্চিং। ইয়াৰ উপৰি শিশু জীৱন পৰামৰ্শ, দন্ত চিকিৎসা, স্পিচ থেৰাপী, শিশু ৰোগীসকলক পুষ্টিগত পৰামৰ্শ আৰু নিৰীক্ষণ।মিছন স্মাইলৰ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ সৈতে অংশীদাৰিত্ব আছে।  দুয়োখন ৰাজ্যৰ ক্লেফ্ট শিশু ৰোগীক চিহ্নিত কৰি মুখত হাঁহি বিৰিঙিয়াৰ কাম কৰি আহিছে মিছন স্মাইলে। মিছন স্মাইলে  যোৱা দহ বছৰত ২০,০০০তকৈ অধিক অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে আৰু বৰ্তমান তেওঁলোকে বছৰি ১২০০তকৈ অধিক অস্ত্ৰোপচাৰ কৰি আছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা