মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মৈত্ৰী আঁচনিৰ অধীনত শুভ উদ্বোধন কৰিলে বঙাইগাঁও আৰু মাণিকপুৰ থানাৰ নৱ নিৰ্মিত ভৱন

কংগ্ৰেছ চৰকাৰৰ দিনত টকা- পইচা নিদিলে চাকৰি পোৱাটো সম্ভৱ নাছিল

পূৰ্বৰ চৰকাৰৰ দিনত আৰক্ষীৰ লোক সকলে অস্বাস্থ্যকৰ পৰিৱেশত কাম কৰিবলগীয়া হৈছিল 


১৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব যোৰহাট- মাজুলী আৰু দেশৰ দীৰ্ঘতম ধুবুৰী- ফুলবৰী দলঙৰ 

বঙাইগাঁওঃ ১৬ ফেব্ৰৱাৰীঃ অসম আৰক্ষীয়ে আমাৰ কাৰ্যকালত বহু উল্লেখযোগ্য বিভিন্ন অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই বহু সফলতা বুটলিবলৈ সক্ষম হৈছে ৷ আজি দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলোৱাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে গুৰু দায়িত্ব বহন কৰিছে ৷ চিআইডিয়ে হওঁক , এণ্টিক'ৰাপচনেই হওঁক, ভিজিলেন্সেই হওঁক বা মুখ্যমন্ত্ৰীৰ ভিজিলেন্সেই হওঁক আমাৰ তদন্তকাৰী সংস্থাবিলাকে আজি যি নিষ্ঠাৰে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাইছে ,ইয়াৰ ফলত আজি অসমৰ বুকুত দুৰ্নীতিমুক্ত অসমৰ এটা বাতাবৰণৰ সৃষ্টি হৈছে ৷ আৰু এইবিলাক কৰাৰ কাৰণে আজি নিযুক্তি প্ৰক্ৰিয়াটো বিশুদ্ধ হৈছে ,নিকা হৈছে ৷ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ আজি অসম চৰকাৰৰ 'মৈত্ৰী 'আঁচনিৰ অধীনত নতুনকৈ অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা বঙাইগাঁও সদৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও সদৰ থানা চৌহদত অনুষ্ঠিত শুভ উদ্বোধনী অনুষ্ঠানতে মাণিকপুৰ সদৰ থানাৰ নৱ নিৰ্মিত ভৱনটোও ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে ৷ বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত নিজৰ ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে  কংগ্ৰেছক সমালোচনা কৰি কয় যে পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত টকা- পইচা নিদিলে চাকৰি পোৱাটো সম্ভৱ নাছিল ৷ কিন্তু আমাৰ চৰকাৰৰ দিনত তথা মই নিজে মুখ্যমন্ত্ৰী হিচাপেও এইক্ষেত্ৰত সকলো সময়তে মই সজাগ আৰু সচেতন ৷ এই বাৰ্তাটো মই অসমৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন কৰ্মচাৰীলৈ প্ৰেৰণ কৰিছো ৷ যাতে সকলো সময়তে মোৰ সতীৰ্থ মন্ত্ৰী ,সতীৰ্থ বিধায়ক , সতীৰ্থ সাংসদ আৰু চৰকাৰৰ বিষয়া - কৰ্মচাৰীয়ে এই ক্ষেত্ৰত জনসাধাৰণক সম্পূৰ্ণৰূপে আশ্বস্ত কৰিব পাৰে আৰু দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলায় ৷ আজি বিভিন্ন পৰ্যায়ৰ পৰীক্ষাসমূহত আটাইতকৈ দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ- কন্যাও মেধাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে ৷ এপিএছচিত চাহ বাগানৰ পাত তোলা কৰ্মচাৰীৰ পুত্ৰও এচিএছত উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হৈছে ৷ কোনোবা চাহ দোকান দিয়া ,কোনোবা চাইকেল মেৰামতি কৰা দোকান দিয়া পৰিয়ালৰ পুত্ৰ- কন্যাই কোনো এম এল এ , মন্ত্ৰী তথা কোনো ধৰণৰ বিষয়াক খাতিৰ নকৰাকৈ আজি যোগ্যতাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে ৷ এনে ধৰণৰ ঘটনা পূৰ্বতে কেতিয়াও হোৱা নাছিল ৷ কাৰণ কংগ্ৰেছৰ কাৰ্যকালত লক্ষ লক্ষ টকাৰ বিনিময়ত নিযুক্তি প্ৰক্ৰিয়াটো চলিছিল ৷ কিন্তু আমাৰ কাৰ্যকালত সেইবিলাক আমি হবলৈ দিয়া নাই আৰু নিদিও ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে আমাৰ প্ৰধান লক্ষ্যই হৈছে যে এই একবিংশ শতিকাত আজি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ এইখন পৃথিৱীত আমাৰ অসম চৰকাৰৰ প্ৰত্যেকটো বিভাগে দক্ষতাৰে ,যোগ্যতাৰে , নিষ্ঠাৰে কঠোক পৰিশ্ৰম কৰি জনসাধাৰণক যদি সেৱা আগবঢ়াবলগীয়া হয় তেতিয়াহলে কাম কৰাৰ পৰিৱেশটো সঠিক ৰূপত গঢ় দিব লাগিব ৷ আজি বিজেপি নেতৃত্বাধীন অসমৰ যিখন চৰকাৰ এই চৰকাৰখনে দায়িত্ব লোৱাৰ ২০১৬ চনৰ পৰা ধাৰাবাহিকভাৱে আমি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহক নতুন ৰূপত গঢ় দিছো ৷ ইয়াৰ মূলত কাৰণ আছে  যে এখন থানা যদি অত্যন্ত জৰাজীৰ্ণ হয় তথা তাৰ ভিতৰৰ আন্তঃ গাঁথনিৰ অৱস্থা যদি দুৰ্বল হয়, তাত যদি এটা অস্বাস্থ্যকৰ পৰিৱেশ হয়  আমাৰ  আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি অন্যান্য বিষয়া - কৰ্মচাৰীয়ে কাম কৰিবলগীয়া হয় তেতিয়াহলে সেই থানাখনৰ দায়িত্বভাৰ গ্ৰহণ কৰা বিষয়া- কৰ্মচাৰীসকলে তেওঁলোকৰ দায়িত্বৰ এলেকাত থকা জনসাধাৰণৰ জীৱন- সম্পত্তিৰ নিৰাপত্তা দিয়াৰ বাবে ২৪ ঘণ্টাই পৰিশ্ৰম কৰাটো কিছু অসুবিধা হৈ পৰে ৷ যোৱা দিন বিলাকত তেনেই অৱস্থা আছিল সমগ্ৰ অসমৰ ৩৪৪ খন থানাৰ ৷ অসমৰ বৰাক - ব্ৰহ্মপুত্ৰ , পাহাৰ - ভৈয়ামৰ ৩৬ খন জিলাত বহু পুৰণি থানা আছে যাৰ অৱস্থা ভাবিব নোৱাৰা ৷ কোনোবা নাগৰিকে বিপদত পৰি এফ আই আৰ দিবলৈ গলেও থানাত বহিবলৈ চকী নাই আৰু ভাৰপ্ৰাপ্ত বিষয়াইও যদি একেলগে দুই তিনিটা গোচৰৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলগীয়া হয় তেতিয়াহলে বহাৰ ভাল সুবিধা নাই ৷ তেনেধৰণৰ এটা কঠিন বাতাবৰণৰ পৰিৱেশত যোৱা দিন বিলাকত কাম কৰিবলগীয়া হৈছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ লৈয়ে গুৱাহাটীত অল ইণ্ডিয়া ডিজিপি - আইজিপি সন্মিলন অনুষ্ঠিত কৰিলে ৷ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ডিজিপিসকল আহিল ৷ প্ৰধানমন্ত্ৰীয়ে দুটা দিন গুৱাহাটীত থাকি ডিজিপি- আইজিৰিসকলক সম্বোধন কৰি কলে যে এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ ৷ এই যুগত নানা ধৰণৰ প্ৰত্যাহ্বানে দেখা দিব ৷ অপৰাধীসকলেও বহু প্ৰযুক্তিৰ আশ্ৰয় লৈ শান্তিপ্ৰিয় সমাজক অশান্তিত পেলাবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হ'ব আৰু এই মুহুৰ্তত শান্তিপ্ৰিয় জনসাধাৰণক জীৱন - সম্পত্তিৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আৰক্ষী বাহিনীয়ে নিষ্ঠাৰে আধুনিক ধ্যান ধাৰণাৰে নিজক প্ৰস্তুত কৰি জনসাধাৰণক সেৱা আগবঢ়াব লাগিব ৷ লগতে নিশ্চয়তা দিব লাগিব যে জনসাধাৰণে আৰক্ষীৰ তৎপৰতাত তেওঁলোকৰ জীৱন - সম্পত্তিৰ নিৰাপত্তা নিশ্চিতভাৱে পাইছে আৰু আৰক্ষীৰ কাম কাজেও জনসাধাৰণৰ হৃদয়ত আস্থা আৰু বিশ্বাসৰ ভাৱ গঢ় দিব ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেতিয়াই স্মাৰ্ট আৰক্ষীৰ কথা উল্লেখ কৰিছিল, স্মাৰ্ট থানাৰ কথা উল্লেখ কৰিছিল ৷ গতিকে আমি ২০১৬ চনচ দায়িত্ব লোৱাৰ পিচত প্ৰধানমন্ত্ৰীৰ আহ্বানত সেয়া বাস্তৱায়িত কৰাৰ কাৰণে আমাৰ প্ৰথমখন বাজেটতে ৩৪৪ খন থানা মৈত্ৰী আঁচনিৰ অধীনত আধুনিক ৰূপত গঢ় দিয়াৰ সংকল্প লৈছিলো ৷ ইতিমধ্যে প্ৰথম পৰ্যায়ত ৭৬ খন থানাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হলো ৷ এতিয়া এই থানাবোৰত নাগৰিকে কিবা এটা অভিযোগ দিবলৈ আহিলে এটা পৰিৱেশ পাব ৷ সৰ্বসাধাৰণ নাগৰিকৰ লগতে মহিলা আৰু শিশুসকলক বাবেও সুন্দৰ বাতাবৰণ সৃষ্টি কৰা হৈছে ৷ অৰ্থাৎ মানুহৰ মানৱ অধিকাৰৰ প্ৰতি বিশেষভাবে লক্ষ্য ৰাখি গোটেই আচবাব বা ভিতৰৰ আন্তঃ গাঁথনিবিলাক টনকিয়াল কৰা হৈছে ৷ মই বিশ্বাস ৰাখিছো যে অসম আৰক্ষীক যিসকল বিষয়া - কৰ্মচাৰী এই থানাৰ পৰা বৃহত্তৰ বঙাইগাঁৱৰ ৰাইজক নিৰাপত্তা দিবৰ বাবে দায়িত্বসহকাৰে যাতে তেওঁলোকে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি ৰাইজৰ স্বাৰ্থত নিষ্ঠাৰে সেৱা আগবঢ়াই যাব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত আৰু কয় যে 
আজি সন্ত্ৰসবাদ মুক্ত অসম নিৰ্মাণ কৰাৰ আমাৰ যিটো প্ৰতিশ্ৰুতি দিছিলো অসম আৰক্ষীয়ে দৃঢ়তাৰে অভিযান চলাই সমগ্ৰ অসমতে এটা শান্তিৰ বাতাবৰণ সৃষ্টি কৰিছে ৷ এতিয়া বহু উগ্ৰপন্থীয়ে আজি অস্ত্ৰ ত্যাগ কৰি ভাৰতীয় সংবিধানৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি মূল সূতিলৈ ঘুৰি আহিছে আৰু অস্ত্ৰ - শস্ত্ৰ চৰকাৰৰ হাতত জমা দিছে ৷ বৰাক- ব্ৰহ্মপুত্ৰ ,পাহাৰ ভৈয়ামত শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে ৷ সকলো জাতি - জনগোষ্ঠীয়ে মিলা- প্ৰীতিৰে কষ্ট কৰি এইখন অসমক স্বাৱলম্বী আৰু আত্মনিৰ্ভলশীল কৰাৰ বাবে প্ৰয়াস কৰিছে ৷ সেইদৰে অসমৰ ৰাইজে পৰস্পৰে পৰস্পৰৰ প্ৰতি যিখিনি সহিষ্ণুতা প্ৰদৰ্শন কৰিছে এইটো এটা অসমৰ জাতীয় জীৱনৰ উল্লেখযোগ্য সফলতা ৷ কাৰণ বৰাক - ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আজি একাকাৰ হৈ অসমৰ মানচিত্ৰখন শক্তিশালী কৰাৰ যাত্ৰাত সকলো সম্প্ৰদায়ৰ লোকে মিলাপ্ৰীতিৰে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সংঘাত নহয় ,সমন্বয় ৷ এই নীতিত আজি অসমৰ বুকুত বসৱাস কৰা বিভিন্ন জাতি - জনগোষ্ঠী,ভাষা- ভাষী বিভিন্ন ধৰ্মালম্বী লোকে জীৱন যাত্ৰাক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে ৷ তেওঁ কয় যে আজি আমাৰ কাৰ্যকালত অসমৰ প্ৰতিটো প্ৰান্তত উন্নয়নৰ ক্ষেত্ৰত সমান্তৰালভাৱে মৰ্যদা দিছো ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ ভিতৰতে দীৰ্ঘতম ধুবুৰী- ফুলবাৰী দলঙৰ কাম অহা ১৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব বুলি কয় ৷ যোৰহাট- মাজুলী সংযোগী দলঙৰ লগতে এই দলংখনৰ কামো প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব বুলি কয় ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে যিখিনি কাম কৰিছে তাক সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰা উচিৎ বুলি কয় ৷ কংগ্ৰেছে কিন্তু ৫৫ বছৰে কোনোদিনে ইমান ক্ষীপ্ৰতাৰে উন্নয়নৰ বাবে অগ্ৰাধিকাৰ দিয়াৰ কথা ভাবিব পৰা নাছিল ৷ সেইবাবে কংগ্ৰেছ দল আজি অসমৰ মানুহৰ মনৰ পৰা সম্পূৰ্ণৰূপে ওলাই গৈছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যিখিনি কাম দৃষ্টান্তমূলকভাৱে কৰিছে ,সততাৰে কৰিছে তাৰ বাবে আজি এই মিত্ৰজোঁটৰ চৰকাৰখনক অসমৰ ৰাইজে আকোৱালি লৈছে ৷ আমাৰ দৃঢ় বিশ্বাস আগন্তুক দিনত আমি সকলোৱে মিলা প্ৰীতিৰে সমাজখনত শান্তিৰ পৰিৱেশ জীয়াই ৰখিব লাগিব আৰু মিলা প্ৰীতি অবিহনে প্ৰগতি সম্ভৱ নহয় আৰু সৱল ৰূপত কৰ্ম সংস্কৃতি গঢ় দিয়াটো সম্ভৱ নহয় বুলি কয় ৷ লগতে বঙাইগাঁওবাসী ৰাইজক মিত্ৰজোঁটৰ চৰকাৰখনে লোৱা পদক্ষেপবিলাকক সহাৰি আগবঢ়াই যাব বুলি কৈ সৰস্বতী পূজাৰ শুভেচ্ছা জনায় ৷ উদ্বোধনী অনুষ্ঠানত বঙাইগাঁও বিধান সভা সমষ্টিৰ  বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী , অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত , পশ্চিম অসম সংমণ্ডলৰ উপ আৰক্ষী মহা পৰিদৰ্শক দিব্যজ্যোতি মুখাৰ্জী , অসম পুলিচ হাউচিং কৰ্পৰেচনৰ এম ডি অৰবিন্দ কলিতা , জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা , জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা , জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী আদি উপস্থিত আছিল ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা