ওদালগুৰিত ৰাষ্ট্ৰীয় পেলু নিৰ্মুলকৰণ দিৱসৰ শুভাৰম্ভ


 ষ্টাফৰিপোৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী :  আজিৰপৰা আৰম্ভ হ'ল ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো ,১৪ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ  চলিবলগীয়া এই দিৱসৰ শুভাৰম্ভ হয়।  উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত জিলা প্ৰতিষেধক বিষয়া ডা. গণেশ চন্দ্ৰ ব্ৰহ্মই এই দিৱসৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোত কণ কণ ছাত্ৰ ছাত্ৰীসকলক পেলুৰ প্ৰতিষেধক  আলবেনডেজল টেবলেট খুওৱা হয়। এই অনুষ্ঠানত ওদালগুৰি জিলাৰ  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প বিষয়া নমল সিং বৰগয়াৰি, ডি চি এম সঞ্জীৱ কুজুৰৰ লগতে আন আন স্বাস্থ্য কৰ্মীসকল উপস্থিত থাকে।  উল্লেখযোগ্য যে কভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আশা, এএন এমসকলে ঘৰে ঘৰে গৈ ১-১৯ বছৰ পৰ্যন্ত সকলো ল'ৰা-ছোৱালীৰ মাজত পেলু প্ৰতিষেধক টেবলেট বিতৰণ কৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা