নগাঁৱৰ মাজগাঁৱত তিনিদিনে সন্ধানহীন যুৱতীক লৈ চাঞ্চল্য≈≈অপহৰণৰ সন্দেহ দুৰ্ভগীয়া পৰিয়ালৰ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত মাজগাঁও নিবাসী চুনু পাটৰ ওৰফে মুনু নামৰ এগৰাকী প্ৰায় ১৬ বছৰীয়া যুৱতী বিগত তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়ালৰ সূত্ৰে জনোৱা মতে, যোৱা ৯ ফেব্ৰুৱাৰীৰ দিনা পুৱা প্রায় ৯ বজাত একে গাঁৱৰে মোমায়েকৰ ঘৰলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰাই ৰহস্যজনকভাৱে যুৱতীগৰাকী সন্ধানহীন হৈ পৰে ৷ এনেদৰে হঠাতে যুৱতীগৰাকী নিখোজ হৈ পৰাত ঘৰত হুৱাদুৱা লাগে আৰু পৰিয়ালৰ লোকে আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱীৰ ঘৰৰ লগতে সম্ভাব্য সকলোকে ঠাইতে বিচাৰ-খুচাৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱতী গৰাকীৰ কোনো সম্ভেদ নুলোৱাত পৰিয়ালৰ লোকসকল মানসিকভাবে ভাগি পৰিছে ৷ ইফালে, যুৱতীগৰাকীক জাজৰি থানাৰ অন্তৰ্গত চকলাঘাটৰ ৰজাগাঁৱৰ লোহিত ৰাজা নামৰ এজন লোকে অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। কিয়নো এই লোকজনে দুসপ্তাহ মানৰ পূৰ্বে দিল্লীৰ এজন যুৱকৰ লগত যুৱতীগৰাকীক বিৱাহ কৰাই দিয়াৰ প্ৰস্তাৱ দিছিল যুৱতী গৰাকীৰ পৰিয়ালক । কিন্তু যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে সেই প্ৰস্তাৱ পোনচাতে নাকচ কৰিছিল ৷ সেয়ে লোকজনে আখেজ পূৰণ কৰিবৰ বাবেই পৰিকল্পিতভাবে যুৱতীগৰাকীক অপহৰণ কৰাৰ সন্দেহ কৰি পৰিয়ালৰ লোকে জাজৰি আৰক্ষীৰ কাষ চাপি ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। পিছে জাজৰি আৰক্ষীয়েও এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ ৩৬৫ নং ধাৰাত ০৭/২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও নিৰুদ্দিষ্ট যুৱতীগৰাকীৰ কোনো শুং-সূত্ৰ অদ্যপি বাহিৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ গতিকে কোনো লোকে যদি যুৱতীগৰাকীৰ কিবা সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৮৬৩৮৯-৬৪৯৬৯ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ যুৱতীগৰাকীৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই অনুৰুধ জনাইছে ৷
Comments
Post a Comment