বঙাইগাঁৱত কমতাপুৰ পিপলছ এছোচিয়েশ্বনৰ ধৰ্ণা

পৰিষদীয় এলেকাৰ ব্যক্তিক লৈহে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠনৰ দাবী

বঙাইগাঁওঃ ২২ ফেব্ৰুৱাৰীঃ কমতাপুৰ পৰিষদীয় এলেকাৰ ব্যক্তিক লৈহে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তী পৰিষদ গঠনৰ দাবীত আজি কমতাপুৰ পিপলছ এছোচিয়েশ্বনৰ আহ্বানত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়িত হয় ৷ বঙাইগাঁও গান্ধীময়দানত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন আইন উলংঘন কৰা নচলিব , কমতাপুৰ আইন উলংঘন কৰা নচলিব , পৰিষদৰ ভিতৰৰ ব্যক্তিকলৈহে অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠন কৰক, কমতাপুৰ পৰিষদৰ এলেকাৰ লোকক বঞ্চিত নকৰিব , কমতাপুৰ পৰিষদৰ ভিতৰৰ সমাজখনক বঞ্চনা কৰা নচলিব ,আইন সংগতভাৱে কমতাপুৰ অন্তৰ্ৱতী পৰিষদ গঠন কৰক  আদি বিভিন্ন শ্লোগান দিয়ে ৷ প্ৰতিবাদকাৰীসকলে পিচত গান্ধী ময়দানৰ পৰা সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ধৰ্ণা দিয়ে ৷ ইপিনে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা সন্দৰ্ভত নতুনকৈ আত্মপ্ৰকাশ কৰা সংগঠনটোৰ মুখ্য আহ্বায়ক হৰমোহন মেধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে যিখন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰিছে, তাৰ কাৰণে যিখন আইন গৃহীত হৈছে ইয়াৰ আধাৰত অন্তৱৰ্ত্তীকালীন পৰিষদখন গঠনৰ কাম চৰকাৰে আগবঢ়াই লৈ গৈ আছে ৷ কিন্তু জানিব পৰা গৈছে যে এই  অন্তৰ্ৱৰ্তী পৰিষদখন গঠনৰ ক্ষেত্ৰত পৰিষদ এলেকাৰ  ভিতৰৰ ব্যক্তিতকৈ বাহিৰৰ ব্যক্তিকহে অধিক প্ৰাধান্য দিয়া হৈছে আৰু গুৰুত্ব দিয়া হৈছে ৷ গতিকে চৰকাৰে যদি এনে ধৰণৰ সিদ্ধান্ত লয় ,তেতিয়াহলে এই অঞ্চলৰ ৰাইজক চূড়ান্তভাৱে বঞ্চিত কৰা হ'ব ৷ স্বায়ত্তশাসনৰ যিটো প্ৰকৃত অৰ্থ সেই অৰ্থ ইয়াত নস্যাৎ হৈ যাব ৷ তেওঁ লগতে কয় যে ইয়াৰ ৰাইজৰ কাৰণে যিহেতু স্বায়ত্তশাসন দিছে, গতিকে এই স্বায়ত্তশাসনৰ যি অধিকাৰ আৰু কৰ্তৃত্ব লাভ কৰিছে সেই কৰ্তৃত্ব এই অঞ্চলৰ ৰাইজৰ হাততে থাকিব লাগিব ৷ অন্তৰ্ৱৰ্তী পৰিষদখন কাক লৈ গঠন কৰিব সেইটো চৰকাৰে বিৱেচনা কৰিব ৷ কিন্তু সেই ব্যক্তিসকল এই পৰিষদ এলেকাৰ ভিতৰৰে ব্যক্তি হ’ব লাগিব৷ বাহিৰৰ ব্যক্তিক লৈ যদি পৰিষদখন গঠন কৰা হয়,তেনেহ'লে একেলগে দুটা কথাৰ উলংঘন হ'ব ৷ স্বায়ত্তশাসনৰ মূল আধাৰ নীতিৰ উলংঘন হ'ব আৰু যিখন আইন চৰকাৰে গৃহী কৰিছে, সেই আইনখনেই উলংঘন হ’ব ৷ গতিকে আমি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো যে অন্তৱৰ্ত্তী পৰিষদখন শীঘ্ৰে গঠন কৰক ৷ কিন্তু পৰিষদখন গঠনৰ সময়ত পৰিষদৰ সীমা এলেকাৰ বাহিৰৰ ব্যক্তিক ইয়াত অন্তৰ্ভুক্ত নকৰিব৷ পৰিষদ এলেকাৰ ভিতৰৰ যোগ্য ব্যক্তি যি সকলক চৰকাৰে যোগ্য বুলি অনুভৱ কৰে, তেওঁলোকৰ মাজৰ পৰাই চৰকাৰক নিজৰ ইচ্ছামতে বাছনি কৰি পৰিষদখন গঠন কৰিবলৈ দাবী জনায় ৷ উল্লেখ্য যে মুখ্য আহ্বায়কগৰাকীয়ে ধৰ্ণাস্থলীত নিজৰ বক্তব্যত কয় যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আইন অনুসৰি এই পৰিষদীয় এলেকাৰ ভিতৰৰ ব্যক্তিকলৈহে অন্তৰ্ৱৰ্তীকালীন পৰিষদখন গঠন হ'ব লাগিব ৷ আইনখনে এই কথা স্পষ্ট কৰি দিছে যে চাৰিখন জিলাৰ নাগৰিকসকল , বাসিন্দাসকল ‌ ইয়াৰ স্থায়ী লোকসকলৰ লগতে কোচ ৰাজবংশীকে ধৰি সকলো জনগোষ্ঠীৰ এই অঞ্চলৰ ৰাইজে ইয়াৰ কৰ্তৃত্ব লাভ কৰিছে৷সেয়ে বাহিৰৰ পৰা আহি কোনো ব্যক্তিয়ে কোনো পদবী ল'ব নোৱাৰে ৷ সেয়া লাগিলে অন্তৰ্ৱৰ্তী পৰিষদেই হওক বা নিৰ্বাচন অনুষ্ঠিত কৰি যিখন স্থায়ী পৰিষদ গঠন হ'ব তাতো কোনো বাহিৰৰ লোকে নোৱাৰে ৷ সেয়ে এই বিষয়টোৰ প্ৰতি আমি কমতাপুৰ পৰিষদীয় এলেকাৰ লোকসকল একগোট হৈ থাকিব লাগিব আৰু সচেতন হ'ব লাগিব ৷ আমাক চৰকাৰে দিয়া এই অধিকাৰ যাতে আনৰ হাতলৈ নাযায় সেয়া যদি  আমি নিৰীক্ষণ কৰি নাথাকো তেতিয়াহলে চৰকাৰে আউল লগাব পাৰে ৷ কাৰণ চৰকাৰৰ বিভিন্ন ৰাজনৈতিক হিচাপ নিকাচ থাকে আৰু সেই দৃষ্টিকোণৰ পৰা যদি চৰকাৰে ভাবি এই পৰিষদৰ পদবী কোকৰাঝাৰ ,চিৰাং, বৰপেটা বা আন জিলাৰ লোকৰ হাতত তুলি দিয়ে ,তেতিয়াহলে আমি চূড়ান্তভাৱে বঞ্চিত হ'ম ৷ আমি বঞ্চিত হোৱাৰ কোনো কথা মানি লোৱা নহ'ব ৷ তেওঁ অৱশ্যে আন জিলাৰ লোকসকলৰ প্ৰতি কোনো বিদ্বেষভাৱ নাই বুলি কৈ যিহেতু এটা নিৰ্দিষ্ট এলেকাক সামৰিহে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন গঠন কৰা হৈছে ইয়াৰ আইন অনুসৰি অন্তৰ্ৱৰ্তী পৰিষদখন গঠন কৰাটো বিচাৰিছে বুলি কয় ৷ মুখ্য আহ্বায়কগৰাকীয়ে এই বিষয়টো সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্ট কৰিবলৈ বিভিন্ন দল- সংগঠনকো আহ্বান জনায় ৷   


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা