মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত মদাহী বঢ়াব খুজিছে" মৈৰাবাৰীত অসম বচাওঁ অভিযান চলাই এই মন্তব্য কৰিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে

"মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন সাহিত্যিক, সমাজভাঙোনকাৰী, তেওঁ অসমত মদাহী বঢ়াব খুজিছে" মৈৰাবাৰীত অসম বচাওঁ অভিযান চলাই এই মন্তব্য কৰিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। 

 অসম বচাওঁ আহক বতৰা লৈ শুক্ৰবাৰে ধিং সমষ্টিৰ মৈৰাবাৰীত উপস্থিত হয় কংগ্ৰেছ দলৰ বিধায়িনী দলৰ উপ-দলপতি তথা প্ৰচাৰ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইনৰ নেতৃত্বত এটা কংগ্ৰেছৰ দল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই ব্যত্ক্ৰমি গণ সংযোগ অভিযানৰ মৈৰাবাৰীত শুভাৰম্ভ কৰা ৰকিবুল হুছেইনে প্ৰথমে কংগ্ৰেছ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত ভাষণ প্ৰসঙ্গত কয় বিজেপিৰ জনবিৰুধীৰ নীতিৰ পৰাই অসমৰ জনসাধাৰনক বচোৱাৰ উদ্দেশ্যই মৈৰাবাৰীত অহা বুলি মন্তব্য কৰে। ভাষণত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ লগতে পেট্ৰল, ডিজেলৰো মূল্য বৃদ্ধি হৈছে আৰু এনেবিধ বস্তুৰ মূল্য বৃদ্ধি কৰি উপাৰ্জন কৰা ৰাজকোষৰ ধন এজন মন্ত্ৰীয়ে উৰুৱাইছে বুলি মন্তব্য কৰে।লগতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰে। এই অসম বচাও কাৰ্য্যসূচীত ধিং সমষ্টিৰ মৈৰাবাৰী অঞ্চলৰ 2000 হাজাৰতকৈ অধিক লোক গোট খাই

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা