কপাহেৰাত মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাসকলৰ প্ৰতিবাদী সভা সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ ফেব্ৰুৱাৰীঃ মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সহযোগত শনিবাৰে কপাহেৰা আঞ্চলিক শংকৰদেৱ হৰিমন্দিৰ প্ৰাংগণত বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ণ খণ্ডৰ অন্তৰ্গত ভকতগাঁও, চাবুকধৰা আৰু কাকমাৰী গাঁও পঞ্চায়তৰ মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলা সকলৰ এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়। স্থানীয় সমাজকৰ্মী চিকুন নাথৰ সঞ্চালনাত অনুুুষ্ঠিত সভাখনিত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত বিজেপি মুক্ত হ'লেহে অসমৰ লাখ লাখ ঋণগ্ৰস্ত মহিলা ঋণমুক্ত হ'ব বুুুলি উল্লেখ কৰি কয় যে-- যি সময়ত অসম চৰকাৰে দেশী-বিদেশী কোম্পানীৰ হাতত ৰাজ্যৰ তৈলখণ্ড, কাগজকল, চিৰিয়াখানা, মিকিৰ বামুণী গ্ৰাণ্টৰ ভূমি গতাই দিব বিছাৰিছে, তেনে সময়ত মাইক্ৰ'ফাইনেন্সৰ দৰে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা অসমৰ লাখ লাখ কৃষক তথা দুখীয়া শ্ৰমজীৱি মহিলাক ঋণমুক্ত ঘোষণা নকৰাটো চৰম দুৰ্ভাগ্যজনক। সেয়ে ইয়াৰ বিৰুদ্ধে ঋণগ্ৰস্ত মহিলা সকলে ঋণমুক্তিৰ দাবীত বৃহৎ আপোচহীন সংগ্ৰামৰ বাবে প্ৰস্তুত হ'ব লাগিব আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ বিজেপিক দিব লাগিব। সভাত উপস্থিত থাকি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ অবিভক্ত নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগমে ভাষণ প্ৰসংগত কয় যে- বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই এই প্ৰসংগত শেষ বিধানসভা পৰ্য্যন্ত মহিলাৰ ঋণমুক্তি প্ৰশ্নটো বিধানসভাৰ মজিয়াত উত্থাপন কৰিব নোৱাৰাতো আটাইতকৈ লজ্জাজনক বিষয় ৷ সভাত মাইক্ৰ'ফাইনেন্স কোম্পানী সমূহে প্ৰচেচিং ফিজ, চাৰ্ভিচ টেক্সৰ বিধিসন্মত ৰছিদ আৰু মাতৃ ভাষাত প্ৰকাশিত বীমাৰ প্ৰমাণ পত্ৰৰ লগতে চৰ্তাৱলী প্ৰতিজন ঋণগ্ৰস্ত গ্ৰাহকক প্ৰদান নকৰা পৰ্যন্ত ঋণৰ কিস্তি আদায় নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইফালে, সভাই এই প্ৰসংগত অহা ৩ মাৰ্চত নগাঁও জিলা উপায়ুক্তক ধৰ্ণা কাৰ্যসূচীৰে অৱগত কৰাৰ উপৰি ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস ঋণমুক্ত দিৱস ৰূপে উদযাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। সভাত উক্ত পঞ্চায়ত তিনিটাৰ প্ৰায় দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা