ৰঙিয়াত কংগ্ৰেছৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট

প্ৰতিবেদক, ৰঙিয়াঃ ২২ ফেব্ৰুৱাৰীঃ 
কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু ৰঙিয়া গ্ৰাম্য-নগৰ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আজি ৰঙিয়াৰ তেল ডিপোত পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ পিছত একেলেথাৰিয়ে ইন্ধনৰ দাম বঢ়াই আছে। বিজেপি চৰকাৰ খনে অতি নিষ্ঠুৰভাৱে জনতাৰ ওপৰত মাধমাৰ সোধাই আছে। বিজেপি চৰকাৰখনে একপক্ষীয় ভাৱে  প্ৰতি লিটাৰ পেট্ৰ’ল ৮৭ টকাত আৰু প্ৰতি লিটাৰ ডিজেল ৮২ টকাত কিনিবলৈ ৰাইজক বাধ্য কৰিছে । নিশ্চিতকৈ বিজেপিয়ে কৰৰ নামত জনসাধাৰণক লুটি আছে। ‘বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থতা বুলি অভিযোগ তোলে। আনহাতে প্ৰতিবাদকাৰী সকলে হাতে হাতে পোস্টাৰ, বেনাৰ লৈ পেট্ৰ'ল ৩০ টকা, বিজেপি টেক্স ৬০ অসমত মূল্য ৯০ টকা আদি শ্লোগানেৰে উত্তাল কৰি তোলে।এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতা,উপ সভাপতি আবুবক্কৰ ছিদ্দিক, সম্পাদক উজ্জ্বল লহকৰ, ৰঙিয়া গ্ৰাম্য ব্লক কংগ্রেছৰ সভাপতি উদ্ধৱ দাস, সাধাৰণ সম্পাদক মিলন চৌধুৰী, ,নগৰ ব্লক কংগ্ৰেছৰ সভাপতি মুৰতাজ ৰহমান, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জু বৰুৱা কলিতা, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি কামাল হুছেইন,সক্ৰিয় কৰ্মী মকিব আহমেদ, ফৰিদ আলীয়ে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা