লাহৰীঘাটত বিজেপিৰ বিশাল গনসমাবেশ

মৰিগাৱঁ জিলাৰ লাহৰীঘাটত  আজি বিজেপি দলৰ বিশাল গন সমাবেশ অনুষ্ঠিত হয়।এই গনসমাবেশত উপস্হিত থাকে 
 বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অসম সংখ্যালঘু ব'ডৰ অধ্যক্ষ মুক্তাৰ হুছেইন খান,মৰিগাৱঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ,মৰিগাৱঁ জিলা সভাপতি প্ৰবীণ মেধি ,সম্পাদক নিৰ্মল কোৱঁৰকে আদিকৰি কেইবা সহস্ৰাধিক স্হানীয় ভোটাৰ ৰাইজে অংশ গ্ৰহন কৰে। গনসমাবেশত  বিজেপি দলৰ সভাপতি ৰঞ্জিত দাসে  কংগ্ৰেছ আৰু এআই ডি এফ দলক তীক্ষ্ণ সমালোচনা কৰাৰ লগতে প্ৰাক নিৰ্বাচনৰ সমীক্ষা দিয়ে ২০২১চনৰ বিধান সভা নিৰ্বাচনত বিজেপি দলে  কেনেকৈ ১০৩ খন আসন পাব । আৰু লগতে ইয়াকো কয় লাহৰীঘাট সমষ্টিটোত বিজেপি দলৰ পৰা প্ৰাৰ্থী দিয়া হব আৰু ৰঞ্জিত দাসে চোৱাচিতা কৰিব ।
লাহৰীঘাটৰ পৰা আফতাপ হুছেইনৰ প্ৰতিবেদন
Date-23/02/2021

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা