মৈৰাবাৰীৰ গুনাইবড়ীত বাইক দুৰ্ঘটনা।নিহত ১

মৈৰাবাৰী -গুনাইবড়ীত পথত এক পথ দূৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়। মহিলা গৰাকীৰ নাম ফাতেমা খাতুন (২৫)।
ফাতেমা খাতুনে নিজা গাওঁ গুনাইবড়ীৰ পৰা মৈৰাবাৰীলৈ গৈ থকা অৱস্থাত বিপৰীতমুখীৰ  পৰা অহা AS-21-J-8579 নম্বৰৰ মটৰ চাইকেল খনে তীব্ৰ বেগেৰে খুন্দিয়াই গুৰুত্বৰ ভাৱে আহত কৰে।লগে লগে স্হানীয় ৰাইজে মৈৰাবাৰী হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও আজি ৰাতিপুৱা ১০ বজাত  নিজ ঘৰত মৃত্যু আকোৱালী লয় । ইফালে মৈৰাবাৰীৰ আৰক্ষীয়ে মৃতদেহ মৰন্তোৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
 মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা