কাইলৈ ১৮৮ কোটি টকীয়া 'বটদ্ৰৱা প্ৰকল্প' নিৰ্মাণৰ শুভাৰম্ভণি কৰিব গৃহ মন্ত্ৰী অমিত শ্বাহে≈≈গুৰুজনাৰ ওপজাভূমিত উখল-মাখল পৰিৱেশ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ ফেব্ৰুৱাৰীঃ অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে ঐতিহাসিক আকাশী গংগাৰ পাৰৰ ১৬০ বিঘা মাটিত মুঠ ১৮৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া বৃহৎ "বটদ্ৰৱা প্ৰকল্প"ৰ নিৰ্মাণ কাৰ্যৰ কাইলৈ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে পুৱা চাৰে দহ বজাত "মংগল সাধনা" কাৰ্যসূচীৰে শুভাৰম্ভ কৰিবলগীয়া এই বহু প্ৰত্যাক্ষিত অনুষ্ঠানক লৈ বটদ্ৰৱা থানৰ লগতে গুৰুজনাৰ পবিত্ৰ ওপজাভূমিৰ সৰ্বত্ৰে উখল-মাখল পৰিবেশৰ উদ্ভৱ হৈছে ৷ জানিব পৰা মতে, গৃহ মন্ত্ৰীগৰাকীয়ে পহিলাতে বটদ্ৰৱা থান দৰ্শন কৰি তাৰ পিছত আকাশী গংগাৰ পাৰত প্ৰস্তাৱিত প্ৰকল্পস্থলীত আয়োজিত এখন সভাত ৰাইজক উদ্দেশ্যি ভাষণ ৰাখিব ৷ লক্ষাধিক লোকৰ সমাগমৰ আশা কৰা উক্ত সভাক কেন্দ্ৰ কৰি বটদ্ৰৱা থানৰ লগতে থান সংযোগী পথ-উপপথসমূহৰ মেৰামতি, বিদ্যুৎ যোগান, পানী যোগান, চিকিৎসা সেৱা আদি অত্যাৱশ্যকীয় সেৱাৰ সুচল ব্যৱস্থাৰ লগতে বৃহত্তৰ বটদ্ৰৱা অঞ্চল সজাই-পৰাই তোলাৰ ক্ষেত্ৰত ৰাজ্যৰ লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য, শক্তি আদি বিভাগে দিনে-নিশাই ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে ৷ ইফালে, বিগত দিনকেইটাত মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস আৰু মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীও সঘনে বটদ্ৰৱালৈ আহি অনুষ্ঠানটিৰ সফলতাৰে অনুষ্ঠিত কৰাৰ অৰ্থে থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হোৱাৰ সমান্তৰালকৈ বিভিন্ন বিভাগৰ কাম-কাজ তদাৰক কৰি আহিছে ৷ তদুপৰি থান পৰিচালনা সমিতিৰ লগতে নৰোৱা আৰু শ’লগুৰি সত্ৰবাসীও কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক আদৰিবলৈ সাজু হৈছে ৷ ইয়াৰ বিপৰীতে কালি নিশাৰ ভাগত ৰাজ্যৰ ক্ষমতাশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বটদ্ৰৱা থানত উপস্থিত হৈ থান পৰিচালনা সমিতিৰ বিষয়-ববীয়াৰ লগত  আলোচনাত মিলিত হৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সভাৰ প্ৰস্তুতিৰ বুজ লয় ৷ আনহাতে, আজি ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ লগতে নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দলে প্ৰকল্পস্থলী পৰিদৰ্শন কৰি থান পৰিচালনা সমিতিৰ লগত আলোচনাত মিলিত হয় ৷ ইতিমধ্যে উক্ত অনুষ্ঠানৰ বাবে প্ৰকল্পস্থলীৰ সমীপত অস্থায়ী হেলিপেড সাজু কৰি তোলা হৈছে ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা