হাতীচোং সঞ্জীৱনী সংস্কৃত টোলত মহা ৰুদ্ৰযজ্ঞ≈≈নৱ নিৰ্মিত কৈলাশনাথ মন্দিৰ মুকলি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ফেব্ৰুৱাৰী: নগাঁও জিলাৰ শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত হাতীচোং সঞ্জীৱনী সংস্কৃত টোলত আৰম্ভ হৈছে ছয়দিনীয়া শ্ৰীশ্ৰী মহা ৰুদ্ৰযজ্ঞ ৷ তদুপলক্ষে মঙলবাৰে টোল প্ৰাংগনত বেবেজীয়াৰ ভক্তিপ্ৰাণা বিদুষী মহিলা নলিনী ভট্টাচাৰ্যৰ অৰ্থ সাহাৰ্য্যৰে নৱ নিৰ্মিত কৈলাশনাথ মন্দিৰৰ দ্বাৰ মুকলি কৰে বিশিষ্ট নাট্যকাৰ নেত্ৰকমল বৰঠাকুৰে ৷ এক ভক্তিময় পৰিবেশত বৈদিক মন্ত্ৰোচ্চাৰণ, আয়তিৰ উৰুলি আৰু দবা-শংখৰ মাংগলিক ধ্বনিৰে ভক্তসকলৰ সেৱাৰ বাবে মন্দিৰভাগ মুকলি কৰি দিয়া হয় ৷ ইয়াৰ পূৰ্বে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি বাণীকান্ত শৰ্মাই ৷ স্মৃতি তৰ্পণ আগবঢ়াই কাৰ্যকৰী সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্য আৰু বন্তি প্ৰজ্বলন কৰে জ্যোতিষাচাৰ্য নলিনী ভট্টাচাৰ্যই ৷ উক্ত কাৰ্যসূচীত উদযাপন সমিতিৰ সম্পাদক অৱনী শৰ্মা, সহ: সম্পাদক বিজয়কৃষ্ণ শৰ্মা, নিপন শৰ্মাৰ লগতে শিক্ষাবিদ পূৰ্ণ বেজবৰুৱা, যাদৱ বৰা, দেৱ কুমাৰ বৰাকে প্ৰমুখ্যে কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ ইয়াৰ পাছতে দুপৰীয়াৰ পৰা যজমান জীতেন ভট্টাচাৰ্যৰ পৰিচালনাত নান্দি শ্ৰাদ্ধ আৰম্ভ হয় ৷ এই ছয়দিনীয়া উৎসৱ উপলক্ষে টোল প্ৰাংগনত জিলাখনৰ বিভিন্ন ঠাইৰ ভক্তপ্ৰান লোকসকলৰ উপস্থিতিত উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা