লোক শিল্পী গুণ শইকীয়াৰ জীৱনশিল্পীৰ সোঁৱৰণী গ্ৰন্থ “গুণনিধি ”উন্মোচন

আজীৱন কৃচ্ছ্ৰসাধনৰে গুণ শইকীয়াৰ দৰে আজন্ম শিল্পীসকলেই সংগীতক জীয়াই ৰাখে--তৰালি শৰ্মা   

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ ফেব্ৰুৱাৰী: “যিসকল আহিল আৰু আমাক দিবলগা সকলোখিনিয়েই দি উভতি গ’ল ৷ তেওঁলোকক লৈ আমি দুখ কৰিব নালাগে ৷ আমি সেইসকলক শ্ৰদ্ধাৰে বিদায় দিব লাগে ৷ তেওঁলোকৰ গুণ গৰিমা আমি অন্তৰত সদায় জীয়াই ৰাখিব লাগিব ৷ সেয়াই হ’ব কৃতবিদ্যসকলৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি ৷ লোক সংগীতৰ এজন উজ্জ্বলতম চানেকি আছিল প্ৰয়াত  গুণ শইকীয়া ৷ জনজীৱনৰ ভাষা নিখুঁতভাৱে লোক সংগীতৰ বিশাল ক্ষেত্ৰখনলৈ তেওঁ লৈ গৈছিল ৷ গ্ৰামাঞ্চলৰ ভিতৰৰ সৰু সৰু ঠাইসমূহত আজীৱন কৃচ্ছ্ৰসাধনৰে গুণ শইকীয়া দৰে আজন্ম শিল্পীসকলেই সংগীতক জীয়াই ৰাখিছে ৷ বহুজনে কৈছে-- গুণ শইকীয়া স্থানীয় পৰিধিৰ মাজত ৰৈ গ'ল ৷ তেওঁ নিজৰ ঠাইৰ পৰা ওলাই যোৱা হেতেঁন আজিতকৈ বেলেগ ধৰণে স্বীকৃতি পালেহেতেন ৷ কিন্তু তেওঁ প্ৰকৃততে শিপা মজবুত কৰি ৰখাৰ স্বাৰ্থত আত্মাৰ বাবে সংগীত সাধনা কৰা মানুহ ” ৷ ২নং গেদাৰবড়ি শৰীৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত আৰু শিল্পী গৰাকীৰ পৰিয়ালৰ সহযোগিতাত দেওঁবাৰে বেবেজীয়াৰ সমীপৰ  কুৰুৱাবাহী চাৰিআলিত সদ্য প্ৰয়াত নগঞা লোকশিল্পী গুণ শইকীয়াৰ জীৱন আৰু শিল্প কৰ্মক সামৰি অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত  শিল্পীগৰাকীৰ স্মৃতিত প্ৰকাশিত “গুণনিধি” শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰি এনেদৰে কয়   ৰাষ্ট্ৰীয় খ্যাতিসম্পন্না সংগীত শিল্পী তৰালি শৰ্মাই ৷ বিয়লি দুই বজাৰ পৰা ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মোহিনী মোহন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূণ অনুষ্ঠানটোত কন্ঠশিল্পীগৰাকীয়ে কাকুতি ঘোষা “কি মতে ভকতি কৰিবো তোমাক এ” গাই সকলোকে আপ্লুত কৰে ৷ জনপ্ৰিয় শিল্পী কৃষ্ণমনি নাথে গুণ শইকীয়াৰ লগত অতীতৰ সান্নিধ্যৰ সুবাস সুঁৱৰি  কয় যে--গুণ শইকীয়াৰ কৃতজ্ঞতাৰ ধাৰ সুজিব নোৱাৰিম ৷ সভাত বিশিষ্টা লেখিকা শৰ্মীষ্ঠা প্ৰীতমে গুণ শইকীয়াক এগৰাকী প্ৰকৃত চহাশিল্পী বুলি অভিহিত কৰে ৷ কাকলি শইকীয়াৰ বৰগীত পৰিবেশনেৰে আৰম্ভ হোৱা স্মৃতিচাৰণ অনুষ্ঠানটিত শুভজিৎ শইকীয়াৰ পৰিচালনাত সুৰতৰু কলাকেন্দ্ৰৰ গায়ন-বায়নৰ দলে গাণিকা অনুষ্ঠান পৰিবেশন কৰে ৷ লোকশিল্পী গুণ শইকীয়া সুৰাৰোপিত দুটি গীত কস্তুৰী শইকীয়া, ঈশাপ্ৰিয়া শইকীয়া, ৰাজশ্ৰী বৰাই পৰিৱেশনেৰ লগতে ভাস্বতী আৰু নিভৃতি শইকীয়াই ভক্তিমূলক নৃত্যৰে শিল্পীজনলৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অনুষ্ঠানটোত বিশিষ্ট কন্ঠশিল্পী ৰঞ্জন বেজবৰুৱা আৰু নয়ন অসম কলিয়াবৰীয়াই গীতেৰে শিল্পীগৰাকীক সোঁৱৰণ কৰে ৷ মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ অধ্যাপিকা ড° জয়শ্ৰী দেৱীয়ে শাস্ত্ৰীয় সংগীত পৰিবেশনৰ উপৰি স্মৃতিচাৰণ সভাখনত কবি দিলীপ কুমাৰ নাথ আৰু সংগীতা হাজৰিকা বৰাই কবিতা আবৃত্তিৰে শ্ৰদ্ধাঞ্জলি জনায় ৷ সভাত গুণ শইকীয়াৰ সতীৰ্থ দেৱ কুমাৰ বৰা, শিক্ষাবিদ ৰাণা প্ৰকাশ বৰা আৰু মিহিৰ ভূঞাই গুণ শইকীয়াৰ জীৱনশিল্পৰ বহুকেইটা দিশৰ ওপৰত আলোকপাত কৰে ৷ গাম্ভীৰ্যপূণ অনুষ্ঠানটোত গীতিকাৰ-সুৰকাৰ দুলুমনি শইকীয়া, ছবি পৰিচালক বুন বৰাৰ লগতে কেবাশতাধিক গুনমুগ্ধ উপস্থিত থাকে ৷ সোঁৱৰণী গ্ৰন্থ “গুণনিধি”ৰ সম্পাদক প্ৰাঞ্জল মহন্তই আঁত ধৰি আগবঢ়াই নিয়া সভাখনৰ  সামৰণিত শলাগৰ শৰাই আগবঢ়াই নয়নজ্যোতি বৰা আৰু চন্দ্ৰজিৎ দাসে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা