মুকালমুৱাৰ আদাবাৰীত অচেতন অৱস্থাত যুৱক উদ্ধাৰ।
মুকালমুৱাৰ আদাবাৰীত অচেতন অৱস্থাত এজন যুৱক উদ্ধাৰ কৰে আৰক্ষীয়ে। কৰ্মস্থলীৰ পৰা গৃহ অভিমুখে আহি থাকোতে যুৱকজনক অচিনাকি দুৰ্বৃত্তই বলপূৰ্বক গাড়ীত উঠাই আনি শাৰীৰিক আক্ৰমণ কৰি অচেতন অৱস্থাত মুকালমুৱাৰ আদাবাৰীত পেলাই থৈ যায়।স্থানীয় লোকৰ খবৰ পোৱাত মুকালমুৱা আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই। যুৱকজন হাজো থানাৰ অন্তৰ্গত বুল্লুতৰ ছহিদুল ইছলাম(৩৪) বুলি জানিব পৰা গৈছে।পৰৱৰ্তী সময়ত আঘাট গুৰুতৰ হোৱাত যুৱকজনক GMCH লৈ প্ৰেৰণ কৰে। ঘটনাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ। উল্লেখযোগ্য যে হাজোৰ বুল্লুত অঞ্চলত পূৰ্বতেও কেইবাটাও আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। আৰু আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ একাংশ ৰাইজৰ।এনেক্ষেত্ৰত বুল্লুত অঞ্চলৰ ৰাইজে উচিত তদন্ত কৰিবলৈ অনুৰোধ হাজো আৰক্ষীলৈ
Comments
Post a Comment