বেবেজীয়াত একশৰণ ভাগৱতী সমাজৰ আচাৰ্য ভৱনৰ শিলান্যাস

lনগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ বিৰহ বেবেজীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা অসমৰ অন্যতম ধৰ্মীয় অনুষ্ঠান একশৰণ ভাগৱতী সমাজৰ মুখ্য কাৰ্যালয় বেবেজীয়া পালনাম থানৰ প্ৰস্তাৱিত আচাৰ্য ভৱনটিৰ বুধবাৰে আধাৰশিলা স্থাপন কৰা হয় ৷ গায়ন-বায়নৰ খোল-তালৰ মাংগলিক ধ্বনিৰে পৰিবেশিত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত বিধায়কৰ আছুতীয়া পূঁজিৰ দ্বাৰা নিৰ্মাণ কৰিবলৈ লোৱা এই ভৱনটিৰ আনুষ্ঠানিকভাবে আধাৰশিলা স্থাপন কৰে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ অনুষ্ঠানত একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য অনুৰাম আতা, পালনামাচাৰ্য্য বালি আতা, কেন্দ্ৰীয় প্ৰচাৰ সচীব ডেভিদ দাস, সমাজৰ নগাঁও জিলা সভাপতি ভুৱনেশ্বৰ দাস, জিলা সম্পাদক উমাৰাম দাস, জিলাৰ নামাচাৰ্য্য হীৰেন আতা, মূহি আতা, জিলাৰ প্ৰাক্তন সম্পাদক পুষ্পেন্দ্ৰ নাথ দাস, বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত নাথকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক ভক্ত উপস্থিত থাকে ৷ উল্লেখ্য যে, একশৰণ ভাগৱতী সমাজৰ মুখ্য কাৰ্যালয়ত এটা আচাৰ্য ভৱনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিগত মহাপালনাম অনুষ্ঠানত সমাজৰ ফালৰ পৰা এক প্ৰস্তাৱ গ্ৰহন কৰা হৈছিল আৰু সমাজৰ কেন্দ্ৰীয় প্ৰচাৰ সচীৱ ডেভিদ দাসে নিজাববীয়াকৈ ২০ হাজাৰ টকা ভৱনটিৰ নিৰ্মাণৰ বাবে দিয়াৰ কথা ঘোষণা কৰিছিল ৷ পিছত এই প্ৰস্তাৱৰ বিষয়ে জানিব পাৰি বিধায়ক ৰূপক শৰ্মাই বেছ তৎপৰতাৰে আচাৰ্য ভৱনটি নিৰ্মাণৰ বাবে দহ লাখ টকা আগবঢ়াই ইয়াৰ আধাৰশিলা স্থাপন কৰে ৷ বিধায়কজনৰ এনে তৎপৰতাক একশৰণ ভাগৱতী সমাজৰ সমূহ বিষয়-ববীয়া আৰু ভক্তই শলাগ লৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা