নেমকেয়াৰ হাস্পতালৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দৰিদ্ৰ সীমা ৰেখাৰ লোকৰ বাবে সপ্তাহযোৰা বিনামূলীয়া এম আৰ আইৰ পৰীক্ষা




ষ্টাফৰিপোৰ্টাৰ,১৫ ফেব্ৰুৱাৰী :  
'নেমকেয়াৰ হাস্পতালৰ  প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি সপ্তাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এক
 সামাজিক দায়বদ্ধতাৰ  প্ৰতি লক্ষ্য ৰাখি আমি সোমবাৰৰ পৰা দৰিদ্ৰ সীমা ৰেখাৰ লোকৰ বাবে বিনামূলীয়া এম আৰ আইৰ পৰীক্ষা কৰাৰ সুবিধা প্ৰদান কৰিছোঁ- সোমবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদমেলযোগে 
বিশিষ্ট চিকিৎসক তথা নেমকেয়াৰ হাস্পতালৰ পৰিচালনা সঞ্চালক ডাঃ হিতেশ বৰুৱাই এইদৰে কয়।তেওঁ লগতে কয় '
বিভিন্ন সময়ত বিভিন্ন জনক আমি যিমান পাৰো সহায় কৰিবলৈ আগবাঢ়ি আহো। 
নেমকেয়াৰ হাস্পতালৰ  প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। বিশেষকৈ দুখীয়া লোকসকলক সহায় কৰাৰ বাবে আমি সদায়েই চেষ্টা কৰো। গতিকে এইবাৰো এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি এক সপ্তাহজোৰা কাৰ্যক্ৰম হাতত লৈছো। এই কাৰ্যক্ৰম লোৱাৰ মূলতে হৈছে, আমি  দেখিবলৈ পাইছো বৰ্তমান এম.আৰ.আই পৰীক্ষা হৈছে এক ব্যয়বহুল পৰীক্ষা। এই বিশেষ  পৰীক্ষাটোৰ ক্ষেত্ৰত আমি পৰ্যবেক্ষণ কৰি দেখিবলৈ পাইছো চৰকাৰী হাস্পতালত এই এম.আৰ.আই পৰীক্ষা কৰিবৰ বাবে এজন ৰোগীয়ে পঞ্জীয়ন কৰাৰ পিছত এমাহৰ পৰা দুমাহ সময় অপেক্ষা কৰিব লাগে। তদুপৰি এই পৰীক্ষা ব্যয়বহুল। এই পৰীক্ষাত ৭ হাজাৰ টকাৰ পৰা ২০ হাজাৰ টকা পৰ্যন্ত খৰছ হয়।
এই বিষয়টোৰ প্ৰতি আমি চিন্তা চৰ্চা কৰিলো।সেয়ে আমি এক নতুন এম আৰ.আই মেচিন আমাৰ হাস্পতালত সংযোজন কৰিলো। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ১.৫ যুক্ত এই মেচিনৰ জৰিয়তে আমি সৰ্বসাধাৰণক কিছু সহায় কৰিব বিচাৰো। গতিকে আজিৰে পৰা এক সপ্তাহৰ বাবে আমি অতি দুখীয়া লোকসকলক নাম পঞ্জীয়নৰ দ্বাৰা তিনিজন ৰোগীক তিনিখন এম.আৰ.আই বিনামূলীয়াকৈ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। তাৰোপৰি, সৰ্বসাধাৰণ লোকৰ বাবে  আমি এই সপ্তাহ ১৫ শতাংশ এম.আৰ.এই পৰীক্ষাত ৰেহাই দিছো। গতিকে মই আশা কৰিছোঁ আমাৰ এই প্ৰয়াসৰ জৰিয়তে দুখীয়া লোক সকলে কিছু পৰিমাণে সকাহ লাভ কৰিব"। সংবাদমেলত হাস্পতালখনৰ সঞ্চালক ডাঃ মিহিৰ বৰুৱাই কয় ' এইয়া আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰথম পদক্ষেপ। সমাজৰ দুখীয়া তথা সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ।' সংবাদমেলত হাস্পতাল খনৰ সঞ্চালক চাজিদ আহমেদ উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা