বঙাইগাঁৱত অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত সংবাদ মেল

বিধান সভা নিৰ্বাচনত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও বিধান সভা সমষ্টিত ইতিহাস ৰচি বিজয়ী হ'ব 


শীঘ্ৰে বৃহৎ সংখ্যক নেতা- কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদান কৰিব 


বঙাইগাঁওঃ১৯ ফেব্ৰুৱাৰীঃ আসন্ন অসম বিধান সভা নিৰ্বাচনত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও বিধান সভা সমষ্টিত ইতিহাস ৰচি বিজয়ী হ'ব ৷ এই দাবী অসম ছাত্ৰ পৰিষদৰ ৷ আজি অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত অসম গণ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত অসম ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মনোৰঞ্জন ভাগৱতীয়ে এই দাবী কৰে ৷ উল্লেখ্য যে অসম জাতীয় পৰিষদৰ বঙাইগাঁও সমষ্টি সমিতিয়ে বৃহস্পতিবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত এখন সংবাদ মেল আয়োজন কৰি অগপ দল তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীক তীব্ৰ সমালোচনা কৰাৰ লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ পিচতে অগপৰ ছাত্ৰ পৰিষদে ততাতৈয়াকৈ এখন সংবাদ মেল আয়োজন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অসম ছাত্ৰ পৰিষদৰ আন এগৰাকী সাধাৰণ সম্পাদক পিণ্টু দাস ,অসম যুৱ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ সাধাৰণ সম্পাদক হিৰণ্য ৰায় , অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ সভাপতি ধনজিৎ ৰায় , উপ সভাপতি কল্পজ্যোতি সিংহ , কুমাৰ ৰূপম সিংহ আদি উপস্থিত থকা সংবাদ মেলত সাধাৰণ সম্পাদক মনোৰঞ্জন ভাগৱতীয়ে কয় যে যোৱা কিছুদিনৰ পৰা অসম গণ পৰিষদ দলৰ বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীক লক্ষ্য কৰি কিছুমান দালাল প্ৰকৃতিৰ মানুহে মিছা অভিযোগ কৰি তেওঁক বঙাইগাঁৱৰ  জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে উঠি পৰি লাগিছে ৷ বৃহস্পতিবাৰেও এখন সংবাদ মেলৰ জৰিয়তে বঙাইগাঁৱৰ  কিছুমান মানুহে ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে নানা কথা কৈছে ৷ কিন্তু আমাৰ কথাটো হ'ল যিসকল ব্যক্তিয়ে ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে আজি বিভিন্ন অভিযোগ আনিছে তেওঁলোকৰ নিজৰ ৰাজনৈতিক স্থিতি কি সেয়া তেওঁলোকে নিজকে প্ৰশ্ন কৰা উচিত ৷ প্ৰভাত বৈষ্ণৱ নামৰ ব্যক্তি এজনে ফণীভূষণ চৌধুৰীক মাফিয়া , ফণীভূষণ চৌধুৰীয়ে হেনো বঙাইগাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰিছে , ফণীভূষণ চৌধুৰীয়ে হোনো চৰকাৰী আঁচনিৰ পৰা ধন সংগ্ৰহ কৰি আছে আদি বিভিন্ন অভিযোগ কৰা আমৰ পৰিলক্ষিত হৈছে ৷ কিন্তু যিজন মানুহে এই অভিযোগবোৰ উত্থাপন কৰিছে সেয়া অতি হাস্যকৰ ৷ কাৰণ এইবাৰ হয়তো তেওঁৰ নামটো গীনিজ বুক অৱ ৱল্ড ৰেকৰ্ডত সন্নিবিষ্ট হ'ব ৷ এই কাৰণে সন্নিবিষ্ট হ'ব যে তেওঁ নকৰা ৰাজনৈতিক দল বোধয় আৰু বঙাইগাঁৱত নাই ৷ কেই বছৰমান আগলৈকে তেওঁ এই অগপ দলৰ মজিয়াত থাকি ফণীভূষণ চৌধুৰীৰ আঙুলিত ধৰি ৰাজনীতিৰ অ , আ শিকিছিল ৷ তাৰ পিচত তেওঁ কংগ্ৰেছলৈ গ'ল , তাৰ পিচত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হ'ল , তাৰ পিচত আঞ্চলিক গণ মৰ্চাৰ কেন্দ্ৰীয় উপ সভাপতি হ'ল ৷ কিন্তু তাতো তেওঁ তিস্থি থাকিব নোৱাৰি ৰাইজৰ দলৰ ৰাজ্যিক সমন্বয়ক হ'ল ৷ অতি লাজৰ বিষয় যে এইবাৰ হেনো তেওঁ অসম জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উপদেষ্টা ৷ যিজন মানুহৰ নিজৰে ৰাজনৈতিক স্থিতি নাই ,সেইজন মানুহে আকৌ ৩৫ টা বছৰে বঙাইগাঁৱক অভিভাৱক হিচাপে নেতৃত্ব দি অহা ফণীভূষণ তৌধৰীক সমালোচনা কৰাটো এটা মূৰ্খামিৰ বাহিৰে একো নহয় বুলি আমি অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদে কবলৈ বাধ্য হৈছো বুলি কয়৷ অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকজনে লগতে কয় যে প্ৰভাত বৈষ্ণৱৰ লগতে আৰু কিছু ব্যক্তিয়ে দুদিন - তিনিদিনৰ পৰা সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত বিভিন্ন কথা কৈ অহা পৰিলক্ষিত হৈছে ৷ ইয়াৰে এজন ব্যক্তি হ'ল অগপৰ টিকতত নিৰ্বাচন খেলি বঙাইগাঁও পৌৰ সভাৰ দুবাৰকৈ পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা দীপু চৌধুৰী ৷ দীপু চৌধুৰীয়ে বঙাইগাঁৱৰ বিভিন্ন স্তৰত কৈ ফুৰিছে যে তেওঁ হেনো ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক পৰামৰ্শদাতা, বিধায়কগৰাকীৰ বিত্তীয়দাতা আৰু সোঁহাত স্বৰূপ আছিল ৷ কিন্তু যিজন মানুহে ইমান দিনে দুটা কাৰ্যকাল ধৰি বঙাইগাঁও পৌৰ সভাৰ পৌৰপতিৰ দৰে আসন অলংকৃত কৰিছিল সেইজন পৌৰপতিৰ কাৰ্যকালতে কমিছনৰাজ আছিল এক নম্বৰত ৷ এই কথাটো বঙাইগাঁৱৰ ৰাইজ তথা ব্যৱসায়ীসকলে জানে বুলিও কয় ৷ দীপু চৌধুৰীয়ে পৌৰ সভাৰ অধীনৰ বিভিন্ন দোকান গৃহসমূহ বৃহৎ পৰিমাণৰ কমিছনৰ বিনিময়ত বিভিন্নজনক আৱণ্টন দিছিল ৷ কিন্তু বিধায়ক ফণীভূষণ চৌধুৰীয়ে এই কথাবোৰ জানিব পাৰি তেওঁক বাধা প্ৰদান কৰিছিল ৷ যাৰ বাবে লাহে লাহে ফণীভূষণ চৌধুৰী তেওঁৰ বাবে অপ্ৰিয় হৈ গ'ল ৷ কাৰণ ফণীভূষণ চৌধুৰীয়ে দুৰ্নীতি হোৱাতো কেতিয়াও সহ্য নকৰে ৷ মন্ত্ৰীগৰাকীয়ে অসমৰ নেতৃত্ব দি আছে বাবে কেতিয়াও নিজৰ সমষ্টিটোত দুৰ্নীতি হোৱাতো কেতিয়াও কাম্য নকৰে ৷ যাৰ ফলত দীপু চৌধুৰীৰ বাবে ফণীভূষণ চৌধুৰী প্ৰিয়ভাজনৰ পৰা অপ্ৰিয়ভাজন হৈ গ'ল ৷ দীপু চৌধুৰী দীৰ্ঘদিন ধৰি অগপ দলত নিষ্ক্ৰীয় হৈ আছিল আৰু দুদিনমান পূৰ্বে চাৰি- পাঁচজনমান সাংগ পাংগক লগত লৈ অসম জাতীয় পৰিষদত যোগদান কৰি কৈ ফুৰিছে যে তেওঁ হেনো ফণীভূষণ চৌধুৰীৰ পৰামৰ্শদাতা আদি আছিল  ৷ এই কথাবোৰ তেওঁ কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধি আদায় কৰিবলৈ কৈ ফুৰা বুলি কৈ জনমানসত বিধায়কগৰাকীক হেয় প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে বুলিও কয় ৷ লগতে অগপ দল ত্যাগ কৰা কৈলাস পাঠক ,বিনয় ৰায় আদিক বঙাইগাঁৱৰ ৰাইজে চিনিয়ে নাপায় বুলি কৈ প্ৰভাত বৈষ্ণৱকো দল বাগৰাত সিদ্ধগ্ৰস্ত এজন স্বয়ম্ভু সমাজকৰ্মী বুলি কয় ৷ আনহাতে চৰকাৰী আঁচনি ৰূপায়ণৰ নামত বিধায়ক ফণীভূষণ চৌধুৰীয়ে বৃহৎ পৰিমাণৰ কমিছন সংগ্ৰহ কৰা বুলি উত্থাপন কৰা অভিযোগ সন্দৰ্ভত কয় যে ফণীভূষণ চৌধুৰীয়ে নিজেই সমষ্টিৰ কৰবাত গৈ বাট- পথ বেয়া দেখিলে তাৰে মানুহক প্ৰাক্ কলন বনাব দিয়ে ৷ গতিকে যিজন বিধায়কে নিজে কামটো কৰিব দিয়ে সেইজনকে কমিছন সংগ্ৰহ কৰা বুলি অভিযোগ কৰিছে ৷ এয়া হাস্যকৰ ৷ সেইদৰে বঙাইগাঁও চহৰৰ পৌৰ সভা এলেকাৰ বৃহৎ এপাৰ্টমেণ্ট , মল আদি নিৰ্মাণ আদিৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে পৌৰ কৰ্তৃপক্ষক হেচা প্ৰয়োগ কৰা বুলি অসম জাতীয় পৰিষদৰ বঙাইগাঁও সমষ্টি সমিতিয়ে কৰা অভিযোগ সন্দৰ্ভত ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে কয় যে এইবোৰ দীপু চৌধুৰী পৌৰপতি হৈ থকা কাৰ্যকালৰ সময়ত নিৰ্মাণ হৈছিল ৷ ফণীভূষণ চৌধুৰীয়ে কৰা নাছিল ৷ অৱশ্যে বিধায়কগৰাকীয়ে এনে বৃহৎ মল আদি হোৱাতো সমৰ্থন কৰে বুলিও কয় ৷ আনহাতে ইঞ্জিনীয়াৰিং কলেজৰ নামত নাটক কৰি থকা বুলি কৰা অভিযোগ সন্দৰ্ভত কয় যে যি স্থানত কলেজখন নিৰ্মাণ কৰা হ'ব সেই স্থানডোখৰ পাহাৰিয়া ৷ সেয়ে প্ৰথমে সেই স্থানলৈ সমাগ্ৰী আদি কঢ়িয়াই নিবলৈ পথৰ প্ৰয়োজন ৷ ইতিমধ্যে পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ একেদৰে ২১ ফেব্ৰুৱাৰীত বৰপাৰা ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া মহিলা পৰিষদৰ সভাত প্ৰলোভনৰ ৰাজনীতি কৰি মহিলাসকলক আনিব বুলি কৰা অভিযোগ সন্দৰ্ভত কয় যে ফণীভূষণ চৌধুৰীৰ ইমানো বেয়া দিন অহা নাই যে সূতা- কম্বল আৰু ভোজভাতৰ লোভ দেখুৱাই মানুহ আনিব ৷ মন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত বহু উন্নয়নমূলক কাম কৰা বুলি দাবী কৰি এইসকল ব্যক্তিৰ কথাত কাণ নিদিবলৈকো বঙাইগাঁওবাসীক অনুৰোধ জনায় ৷ লগতে এইসকল ব্যক্তিক ৰাজনৈতিক শত্ৰু আখ্যা দি এই বাৰৰ অসম বিধান সভা নিৰ্বাচনত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও বিধান সভা সমষ্টিত ইতিহাস ৰচি বিজয়ী হ'ব বুলিও দাবী কৰে ৷ সংবাদ মেলত সাধাৰণ সম্পাদকজনে কংগ্ৰেছ দলৰ বিভিন্নজনে টিকতকেন্দ্ৰিক কাজিয়াৰ বাবে ইতিমধ্য বঙাইগাঁও জিলা অগপৰ সৈতে তথা বিধায়কগৰাকীৰ সৈতে দলত যোগদান কৰাৰ বাবে যোগাযোগ আৰম্ভ কৰা বুলি কৈ শীঘ্ৰে বৃহৎ সংখ্যক নেতা- কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদান কৰিব বুলিও কয় ৷ আনহাতে কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায়েও বিধায়ক ফণীভূষণ চৌধুৰীক সমালোচনা কৰি অহা বুলি কৈ বঙাইগাঁও সমষ্টিৰ পৰা শংকৰ প্ৰসাদ ৰায়ে বিজয়ী হৈ বিধায়ক হোৱাৰ সপোন সপোন হৈয়ে ৰব বুলি কয় ৷ একেদৰে প্ৰভাত বৈষ্ণৱ ,দীপু চৌধুৰী আদিৰো বিধায়ক হোৱাৰ সপোন পুৰণ নহয় বুলি কয় ৷ উল্লেখ্য যে শেহতীয়াভাৱে বঙাইগাঁও বিধান সভা সমষ্টিত অগপ দলৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে দলৰেই নেতা- কৰ্মীয়ে বিভিন্ন অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰা পৰিলক্ষিত হৈছে ৷ দল ত্যাগ কৰাৰ পিচতেই সেইসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে অগপ দল ৷ একেদৰে দল ত্যাগ কৰাসকলক নানা প্ৰকাৰে পুনৰ দলৰ মজিয়ালৈ ঘুৰাই অনাৰ বাবেও প্ৰয়োগ কৰা হয় হেঁচা ৷ আনহাতে ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে দলত্যাগ কৰা বিভিন্নজনে নানা গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিচতো কিন্তু এই সন্দৰ্ভত জিলা অগপৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ ইয়াৰ বিপৰীতে অগপৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদকহে অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আগবঢ়াই দিয়া হ'ল ৷ ছাত্ৰৰ দ্বাৰা গঠিত ছাত্ৰ সংগঠনটোৱে এতিয়া ছাত্ৰৰ বিভিন্ন সমস্যাৰ বিষয়ে মাত মতাৰ সলনি মূল ৰাজনৈতিক বিষয়তহে মাত মাতিবলগীয়া হৈছে বঙাইগাঁৱত ৷ এয়া নিশ্চয়কৈ বঙাইগাঁও অগপৰ বাবে দুৰ্ভাগ্যজনক কথা ৷


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা