বঙাইগাঁও জিলাত 'ফ্ৰণ্টলাইন কৰ্মী' সকলৰ 'ক'ভিশ্বিল্ড' টিকাকৰণ আৰম্ভ

সন্মুখত থাকি সেৱা আগবঢ়োৱা কৰ্মীৰ বাবে এই টিকাকৰণ আৰম্ভ কৰা জিলা হিচাবে ৰাজ্যৰ ভিতৰতেই প্ৰথম বঙাইগাঁও

বঙাইগাঁওঃ ২০ ফেব্ৰুৱাৰীঃ আজিৰে পৰা বঙাইগাঁও জিলাত ক'ৰণা অতিমাৰীৰ সময়ত সন্মুখৰ পৰা সেৱা আগবঢ়োৱা কৰ্মী সকলৰ বাবে অৰ্থাৎ ফ্ৰণ্টলাইন কৰ্মী সকলৰ বাবে ক'ৰণাৰ প্ৰতিষেধক 'ক'ভিশ্বিল্ড'ৰ প্ৰথমটো খোৰাক দিয়া আৰম্ভ কৰা হৈছে। বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰত আজিৰে পৰা এই প্ৰতিষেধক প্ৰদানকার্য আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ ভিতৰতেই ফ্ৰণ্টলাইন কৰ্মীৰ বাবে এই সেৱা আৰম্ভ কৰা প্ৰথম জিলা হিচাবে বঙাইগাঁও জিলা পৰিগণিত হৈছে। জিলা উপায়ুক্ত ডাঃ এম. এছ. লক্ষ্মীপ্ৰিয়াই আজি পুৱা ১০ বজাত বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰত জিলা প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ সহিতে এই প্ৰতিষেধক গ্ৰহণ কৰে। উল্লেখ্য যে বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই সৰ্বপ্ৰথমে আজি এই প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰে। আজি প্ৰতিষেধক গ্ৰহণ কৰা বঙাইগাঁও জিলা প্ৰশাসনৰ অন্যান্য বিষয়া সকলৰ ভিতৰত আছিল জিলা উন্নয়ন আয়ুক্ত জাহিদ চিস্তি,  অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা, বঙাইগাঁৱৰ নিৰ্বাচনী বিষয়া বেণু মুছাহাৰী, সহকাৰী আয়ুক্ত কবিতা ডেকা আদি। জিলাখনত ইতিমধ্যে স্বাস্থ্য কৰ্মী সকলৰ বাবে এই প্ৰতিষেধকৰ দ্বিতীয় খোৰাক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা