বঙাইগাঁৱত ৮০০০ পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ হ'ল ৰাজহুৱা শৌচাগাৰ

বঙাইগাঁওঃ ১৫ ফেব্ৰুৱাৰীঃ বঙাইগাওঁ জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত বঙাইগাঁও চহৰৰ গান্ধী ময়দানত পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিওৱা ৰাজহুৱা শৌচাগাৰটো আজি জিলা উপায়ুক্ত ডাঃ এম. এছ. লক্ষ্মীপ্ৰিয়াই জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিভাগটোৰসমূহ কৰ্মচাৰী তথা অন্যান্য সংশ্লিষ্ট বিষয়া- কৰ্মচাৰী আৰু সৰ্বসাধাৰণ ৰাইজৰ উপস্থিতিত পুৱা ৯ বজাত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। ইটাৰ সলনি প্ৰায় ৮০০০ ৰ অধিক পেলনীয়া খোৱা পানীৰ বটল ব্যৱহাৰ কৰি শৌচাগাৰটোৰ নিৰ্মানকাৰ্য সমাপন কৰা হৈছে ।শোচাগাৰটোৰ বেৰসমূহ পৰ্যাপ্ত মজবুত কৰি তুলিবলৈ খালি পেলনীয়া বটলসমূহৰ ভিতৰত চিমেন্ট, সৰু শিল, বালি আদি সোমোৱাই সাঁফৰ টানকৈ মাৰি দিয়া হয় । শৌচাগাৰটো উদ্বোধন কৰি বঙাইগাওঁ জিলাৰ উপায়ুুক্তগৰাকীয়ে কয় যে-বঙাইগাঁও জিলাখনক প্লাষ্টিকমুক্ত কৰাৰ ক্ষেত্ৰত এনে ধৰণৰ শৌচাগাৰ নিৰ্মাণ এক অতি সৃজনশীল পদক্ষেপ তথা প্লাষ্টিক জাতীয় সামগ্ৰীৰ সঠিক নিষ্কাশনৰ ক্ষেত্ৰত এক অতি উপযোগী পদক্ষেপ বুলি অভিহিত কৰিব পাৰি। পেলনীয়া প্লাষ্টিকৰ বটলৰ পুনৰ ব্যৱহাৰৰ জৰিয়তে ৰ্নিমাণ কৰা এই শৌচাগাৰটোৱে নিশ্চিতভাৱে সকলোকে এক সাকাৰাত্মক দিশত প্লাষ্টিকৰ ব্যৱহাৰৰ বাবে উৎসাহিত কৰিব। এইখিনিতে উল্লেখনীয় যে প্লাষ্টিক পচি মাটিৰ সৈতে মিলি যাবলৈ প্ৰায় ৪৫০ বছৰৰ প্ৰয়োজন আৰু ই মাটিৰ উৰ্বৰা শক্তি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায়। গতিকে প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ জৰিয়তে প্ৰকৃতিৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ ৰোধ কৰাটো বহু সহায়ক হ'ব।
বঙাইগাঁৱৰে স্থানীয় প্ৰতিভাৱান যুৱ শিল্পী নয়ন নাথে  বিভিন্ন কলা-কৌশলৰ প্ৰয়োগেৰে উক্ত শৌচাগাৰটো সাজি উলিয়াবলৈ সক্ষম হয়।


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা