বিদ্যালয়ৰ চেনিটাইজেচন কাৰ্যসূচী সম্পন্ন সূৰ্য চিমেণ্টৰ
ক'ভিড-১৯ৰ পৰা জীৱন সুৰক্ষিত কৰাৰ বাবে পিন্ধিব ফেচ মাস্ক
ষ্টাফৰিপোৰ্টাৰ, ফেব্ৰুৱাৰী,১২, ফেব্ৰুৱাৰী : উত্তৰ পূৱৰ অন্যতম পছন্দৰ আৰু শীৰ্ষস্থানীয় ব্ৰেণ্ড তথা ভাৰতৰ নিৰ্মাণ সামগ্ৰী উদ্যোগ সূৰ্য চিমেণ্টে তেওঁলোকৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ)ৰ অধীনত "বিদ্যালয়ৰ চেনিটাইজেচন" কাৰ্যসূচী সম্পূৰ্ণ কৰিছে। ক'ভিড-১৯ৰ বাবে ২০২০ বৰ্ষত অসমত বন্ধ হৈ থকা বিদ্যালয়সমূহ পুনৰ ২০২১ৰ জানুৱাৰীৰ পৰা খুলিব আৰম্ভ কৰিছে।ফলত শিক্ষাৰ্থীসকল পুনৰ পাঠদান বাবে শ্ৰেণীকোঠা লৈ উভতিব ধৰিছে। এনে সময়ত ক'ভিড-১৯ বিদ্যালয়ত বিয়পি পৰাৰ আশংকা বৃদ্ধি পাইছে। বিদ্যালয়ৰ পৰা ক'ভিডৰ কাৰ্যকলাপৰ স্তৰ কমিউনিটিলৈ বিয়পি পৰাৰ আশংকা ঘনীভূত হৈ পৰিছে। যাৰ বাবে বিদ্যালয়সমূহে কোৰোনা ভাইৰাছ (ক'ভিড-১৯)ৰ পৰা শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰীসকলক সুৰক্ষিত ৰখাৰ এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
বিদ্যালয়বোৰ খোলাৰ লগে লগে সূৰ্য চিমেণ্টে "চেনিটাইজেচন বিদ্যালয়সমূহ" শীৰ্ষক এক অভিযান আৰম্ভ কৰে। যাৰ অধীনত নিম্নলিখিত চেনিটাইজেচন কাৰ্যকলাপবোৰ পৰ্যায়ক্ৰমে সম্পন্ন কৰে। সেই কাৰ্যকলাপবোৰ ভিতৰত আছে- বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ আৰু চেনিটাইজেচন, স্প্ৰেৰেৰে হেণ্ড চেনিটাইজাৰৰ ব্যৱস্থা আৰু ফেচ মাস্ক বিতৰণ। এই অভিযানটো পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ এটা দলে সম্পন্ন কৰে। দলটোৱে ছখন বিদ্যালয়ত এই কামসমূহ কৰে। বিদ্যালয় ছখনৰ ভিতৰত আছে কমলাজৰী হাই স্কুল, মৰোগদুলা এল পি স্কুল, সৰুতাৰী এল পি স্কুল, তামুলিকুচি এল পি স্কুল আৰু তামুলিকুচি হাই স্কুল আৰু এম ই স্কুল। এই বিদ্যালয়কেইখন ৰাজ্যৰ কামৰূপ জিলাৰ সোণাপুৰৰ সূৰ্য চিমেণ্টৰ উৎপাদন গোটৰ ওচৰত অৱস্থিত। এই কাৰ্যসূচী ১১ ফেব্ৰুৱাৰীত সম্পন্ন হৈছে। এমাহ ধৰি এই অভিযানৰ কাৰ্যসূচী চলোৱা হয়। য'ত হেণ্ড চেনিটাইজাৰ স্প্ৰেৰ সৈতে ১০,০০০ ফেচ মাস্ক বিতৰণ কৰা হয়। বিদ্যালয়ৰ চেনিটাইজেচন কাৰ্যসূচীটো ক'ভিড -১৯ত সময়ত চলোৱা সূৰ্য চিমেণ্টৰ চলি থকা অবিৰত কাৰ্যসূচীৰ এটা অংশ, যিটো আৰম্ভ হৈছিল ২০২০চনৰ মে’ মাহৰ পৰা। এই কাৰ্যসূচীয়ে শিক্ষাৰ্থী আৰু কৰ্মচাৰী সকলৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু আশ্বাস দিয়ে যে তেওঁলোকৰ বিদ্যালয় সুৰক্ষিত।
এইটো উল্লেখ কৰিব পাৰি যে কোৰোনা ভাইৰাছৰ প্ৰাৰম্ভিক পৰ্যায়ত সূৰ্য চিমেণ্টে এটা -ষ্টেয়িং চেফ আৰু চেনিটাইজড অভিযানৰ আয়োজন কৰিছিল। এই অভিযান ছয় মাহৰ বাবে অব্যাহত ৰাখিছিল। এই অভিযানত গুৱাহাটীৰ বিভিন্ন স্থানত মোবাইল চেনিটাইজিং কিয়স্ক(Kiosk)ৰ সৈতে ক'ভিড-১৯ৰ সাৱধানতাৰ বিষয়ে জনগণক কোৱা হৈছিল। যি অভিযানে জনগণক এই মহামাৰীৰ পৰা সাৱধান হ'বলৈ উৎসাহিত কৰিছিল। জনগণক এই অভিযানৰ জৰিয়তে ক'ভিড-১৯ৰ পৰা হাত সাৰিবলৈ চাবোন আৰু পানীৰে হাত ধোঁৱা, হাত পৰিষ্কাৰ কৰি ৰখা আৰু মাস্ক পৰিধান কৰি থাকিবলৈ কোৱা হৈছিল।
ক'ভিড-১৯ৰ এই প্ৰত্যাহ্বানপূৰ্ণ পৰ্যায়ত সূৰ্য চিমেণ্ট ভাৰতৰ সৈতে একত্ৰিত হৈ আছে আৰু এজন দায়বদ্ধ উদ্যোগখণ্ডৰূপে থিয় হৈ আছে। এই বিশ্বব্যাপী স্বাস্থ্য সংকট একেলগে দূৰ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ প্ৰচেষ্টাক আৰু অধিক বৃদ্ধি কৰিম বুলি কয় সূৰ্য চিমেন্টে।
Comments
Post a Comment