ধ্বংসৰ গৰাহত নাজিৰাৰ ঐতিহাসিক জয়খামদাং পথাৰ
নাজিৰা মহকুমাৰ অন্তৰ্গত ঐতিহাসিক জয়খামদাং পথাৰত বিগত কিছুবছৰৰ পৰা নাজিৰা নগৰৰ বিভিন্ন হোটেল, বেকাৰি আদি কৰি বিভিন্ন বাসগৃহৰ পৰা অহা তেল জাতীয় দ্ৰব্যৰ লগতে বিভিন্ন প্লাষ্টিক জাতীয় সামগ্ৰী নলাইদি আহি পথাৰখন খেতিৰ অনুপযোগী কৰি তুলিছে আৰু পিতনিলৈ পৰিণত হোৱাৰ উপক্ৰম হৈছে | কৃষকৰ এই সমস্যাৰ কথা নাজিৰা পৌৰসভাই আওকাণ কৰি থকা দেখি স্থানীয় সচেতন কৃষক ৰাইজে নাজিৰা মহকুমাৰ মহকুমাধিপতি লক্ষিমী দত্ত ডাঙৰীয়ানিক উক্ত বিষয়টো অৱগত কৰিছিল | উক্ত বিষয়টোৰ গুৰুত্ব বুজি মহকুমাধিপতি মহোদয়াই নাজিৰা কৃষি বিভাগক এটা অনুসন্ধান কৰিব দিয়ে | আজি স্থানীয় কৃষকৰ সৈতে কৃষি বিভাগৰ বিষয়াই স্বজমিন তদন্ত কৰে আৰু নাজিৰা পৌৰসভাৰ ভূলৰ বাবে এই পথাৰখন পিতনিলৈ পৰিণত হৈছে বুলি উল্লেখ কৰে |
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া
Comments
Post a Comment