চিৰাঙত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

চিৰাঙত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

এন ডি এফ বিৰ বুলি সন্দেহ 

বঙাইগাঁওঃ ১২ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ বিজনী 
মহকুমাৰ পাণবাৰী থানাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী আমলাইগুৰীত আজি পুৱতি নিশা আৰক্ষীয়ে চলোৱা অভিযানত গাঁতত পুতি থোৱা অৱস্থাত অবৈধ মাৰণাস্ত্ৰ আৰু সজীৱ গুলী উদ্ধাৰ হয় ৷ মাৰণাস্ত্ৰখিনি ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন আমলাইগুৰী গাঁৱৰ কাষৰ জংঘলত পুতি ৰখা অৱস্থাত উদ্ধাৰ হয় ৷ এই সন্দৰ্ভত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কাজলগাঁওস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি কয় যে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰ জ্যোতি ৰায়, পাণবাৰীৰ চক্ৰ আৰক্ষী বিষয়া  লফিকুল হাচান চৌধুৰী আৰু পাণবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম কুমাৰ দলে আৰু চি আৰ পি এফৰ সহযোগত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী আমলাইগুৰী গাঁৱত চলোৱা অভিযানত জংঘলৰ মাজত গাঁতত প্লাষ্টিকেৰে মেৰিয়াই পুতি থোৱা অবস্থাত মেগজিনসহ ২ টা এ কে ছিৰিজৰ ৰাইফল, মেগজিন সহ ১ টা এম ২০ পিষ্টল, এ কে ছিৰিজৰ ৫৫ জাঁই সজীৱ গুলী আৰু এম ২০ পিষ্টলৰ দুই জাঁই সঁজীৱ গুলী উদ্ধাৰ কৰে।আৰক্ষীয়ে উদ্ধাৰ কৰা মাৰণাস্ত্ৰখিনি কাৰ এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে ৷ লগতে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পাণবাৰী থানাত এক গোছৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে উক্ত অঞ্চলটোত পূৰ্বে ছাৰাউগৌৰা নেতৃত্বাধীন এন ডি এফ বিৰ প্ৰভাৱ থকা হেতু দুৰ্ধৰ্ষ নেতা বি বিদাইৰ সতীৰ্থ সকলৰ চলাচল আছিল বাবে এই অস্ত্ৰ-শস্ত্ৰ খিনি বি বিদাইৰ দলৰ হ'ব পাৰে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সন্দেহ প্ৰকাশ কৰে ৷ অৱশ্যে তদন্তত এই কথা পোহৰলৈ আহিব বুলিও আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰে ৷ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ 


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা