কামপুৰত সাহিত্য মনীষী উপবনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্য≈≈প্ৰদুষণমুক্ত অসম গঢ়াৰ বাবে দহ কোটি গছপুলি ৰোপন বন বিভাগৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ ফেব্ৰুৱাৰীঃ "আমাৰ চৰকাৰে সৰ্বস্তৰৰ লোকৰ উন্নয়ণ আৰু সুৰক্ষাৰ অৰ্থে বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে ৷ আনকি ৰাজ্যৰ শাসনভাৰ হাতত লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শাসনৰ পাঁচটা বছৰত প্ৰদুষণমুক্ত এখন অসম ৰাইজক উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল ৷ সেই উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰান্তত দহ কোটি গছপুলি ৰোপনৰ চেষ্টা কৰা হৈছিল ৷ বৰ্তমান আমি যোৱা পাঁচটা বছৰত দহ কোটিৰ ওপৰত গছপুলি ৰোপন কৰিবলৈ সক্ষম হৈছো ৷"-এই মন্তব্য ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ দেওঁবাৰে নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰ আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ বৰপানী সংৰক্ষিত বনাঞ্চলত কেম্পা আচঁনিৰ অধীনত স্থাপন কৰা সাহিত্য মনীষী উপবনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লগতে কয় যে--মানুহৰ সুন্দৰ আৰু নিৰোগী স্বাস্থ্যৰ বাবে গছ-গছনিৰ প্ৰয়োজনীয়তা অপৰিসীম ৷ গছ থাকিলেহে মানুহ থাকিব ৷ সেয়ে আমি গছপুলি ৰোপনত অধিক গুৰুত্ব দিছো ৷ প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ চৰকাৰৰ দিনত বছৰত বন বিভাগৰ ৰাজহৰ পৰিমাণ ৫০ কোটি টকাৰ বিপৰীতে বৰ্তমান বিজেপি চৰকাৰৰ দিনত ইয়াৰ পৰিমাণ বহুখিনি বৃদ্ধি পাই ইয়াৰ পৰিমাণ এতিয়া বছৰি ২৬৯ কোটি হৈছে বুলি উল্লেখ কৰি কয় যে--পূৰ্বৰ চৰকাৰৰ দিনত বনাঞ্চল ধ্বংস আৰু বন্য প্ৰাণী নিধনৰ ঘটনা সঘনে সংঘটিত হৈছিল যদিও আমাৰ চৰকাৰৰ দিনত এইবোৰ আমি বন্ধ কৰিবলৈ সক্ষম হৈছো ৷ বনাঞ্চল বেদখল সন্দৰ্ভত তেওঁ কয় যে--ৰাজ্যত এতিয়াও বনাঞ্চলৰ ভূমি সম্পূৰ্ণ বেদখলমুক্ত হোৱা নাই। ঠায়ে ঠায়ে এতিয়াও বেদখলকাৰীৰ কৱলত আছে। কিন্তু বেদখলমুক্ত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছো ৷ ইতিমধ্যে আমি কাজিৰঙাত বহু বেদখকাৰীক উৎখাত কৰিলো ৷ আমাৰ এই প্ৰয়াস সমগ্ৰ অসমতে অব্যাহত আছে ৷ কিন্তু এটা দিন আহিব বন বিভাগে সকলো মাটি বেদখলমুক্ত কৰি অসমত এটা ভাল সুস্থিৰ পৰিৱেশ আমি গঢ়ি তুলিবলৈ সমৰ্থ হ’ম ৷ এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে বিধায়ক ডিমেশ্বৰ দাসৰ লগতে বন বিভাগৰ কেইবাজনো উচ্চ পদস্থ  উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা