ৰাষ্ট্ৰীয় জাম্প ৰ'প ক্ৰীড়াৰ কৰ্মশালাত ৰাজ্যৰ চাৰিগৰাকী প্ৰশিক্ষকৰ অংশগ্ৰহণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ফেব্ৰুৱাৰীঃ সৰ্বভাৰতীয় জাম্প ৰ'প ক্ৰীড়া মহাসংঘৰ দ্বাৰা ঝাৰখণ্ডৰ ৰাঁচীত যোৱা ১৮-২০ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ ৰেফাৰী, জুৰী আৰু প্ৰশিক্ষকসকলৰ এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হৈ যায় । ফিট ইণ্ডিয়াৰ অনুমোদনপ্ৰাপ্ত এই ক্ৰীড়াই শীঘ্ৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মান্যতা লাভ কৰিব বুলি আশা কৰা হৈছে।অসমৰ পৰা মুঠ চাৰিগৰাকীয়ে প্ৰতিনিধিত্ব কৰা এই কৰ্মশালাত ভাৰতবৰ্ষৰ ২৩ খন ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত জাম্প ৰ'প খেলৰ চলিত বৰ্ষৰ সাধাৰণ সভাত পাপ্পু খানক উত্তৰ-পূৱ মণ্ডলৰ সমন্বয়কৰ দায়িত্ব দিয়াৰ লগতে সৰ্বভাৰতীয় মহাসংঘত উপ সভাপতিৰূপে নিৰ্বাচিত কৰা হয়। তদুপৰি মিন্টু গোস্বামীয়ে সফলতাৰে ৰেফাৰী জুৰীৰ প্ৰশিক্ষণ সম্পন্নৰে মহাসংঘৰ মান্যতা লাভ কৰে আৰু অশ্বিপ আহমেদ তথা আনজিৰ আলিয়ে বিশেষ প্ৰশিক্ষণ সফলতাৰে সম্পাদন কৰি প্ৰমানপত্ৰ পায়। সৰ্বভাৰতীয় জাম্প ৰ'প মহাসংঘৰ সাধাৰণ সভাৰ নিৰ্দেশ অনুসৰি অতি শীঘ্ৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সন্মিলিত সংস্থা সমূহ গঠন কৰা হ'ব বুলি জানিৱ পৰা গৈছে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা