আমিনগাঁও চেকগেটত ভয়ংকৰ পথ দুৰ্ঘটনা

চাইন বোৰ্ডৰ পোষ্টত খুন্দিয়াই দ খাৱৈত পৰিল গাহৰি ভৰ্তী ট্ৰাক । 

পঙ্কজ নাথ, চাংসাৰি, ১০ ফেব্ৰুৱাৰী :

কামৰূপ জিলাৰ আমিনগাওঁত আজি ৰাতিপুৱাই সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। আমিনগাঁও চেকগেটত থকা চাইন বৰ্ড লগাই ৰখা এটা পোষ্টত খুন্দিয়াই দ খাৱৈত বাগৰি পৰিল এখন গাহৰি ভৰ্তী ট্ৰাক। দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনৰ নম্বৰ UP-78-CN-9491। এগৰাকী চাইকেল আৰোহীক ৰক্ষা কৰিবলৈ গৈ এই দুৰ্ঘটনাত পতিত হয়  ট্ৰাকখন । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো । দুৰ্ঘটনা সংঘটিত হোৱা গাহৰি ভৰ্তী ট্ৰাকখন শিলিগুৰীৰ পৰা নাগালেণ্ড অভিমুখী আছিল বুলি জানিব পৰা গৈছে । সৌভাগ্য ক্ৰমে দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ প্ৰাণ ৰক্ষা পৰাৰ লগতে গাহৰি খিনিৰ বিশেষ ক্ষতি হোৱা নাই যদিও কিছু পৰিমাণে আহত হোৱা চাইকেল আৰোহী জনক মেডিকেললৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতে ঘটনাস্থলীত আমিনগাঁও যান-বাহন আৰক্ষী উপস্থিত হৈ সমগ্ৰ বিষয়টো নিৰিক্ষণ ও উদ্ধাৰ অভিযান আৰম্ভ কৰে।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা