আক্ৰাছুৰ সাধাৰণ সম্পাদক পদৰ পৰা গোকুল বৰ্মণসহ কেইবাগৰাকী নেতাক অব্যাহতি

বঙাইগাঁওঃ ২৮ ফেব্ৰুৱাৰীঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) ৰ সাধাৰণ সম্পাদক পদৰ পৰা আজি গোকুল বৰ্মনক অব্যাহতি দিয়া হয় ৷ একেদৰে সংগঠনটোৰ আন ছয়গৰাকী বিষয়ববীয়াকো অব্যাহতি দিয়া হয় ৷ অব্যাহতি দিয়া হয় সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকাক ৷ এই সন্দৰ্ভত বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায়ে এই কথা প্ৰকাশ কৰে ৷ আক্ৰাছুৰ সভাপতিগৰাকীয়ে সংবাদ মেলত কয় যে যোৱা ২৫ ফেব্ৰুৱাৰীত ঘোষণা কৰা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদত আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মনে মুখ্য কাৰ্যবাহী পাৰিষদ পদ লাভ কৰাৰ লগতে সংগঠনটোৰ মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ ৰায় ,সংগঠনটোৰ উপ সভাপতি মুকুল বৰুৱা, বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠক, ধুবুৰী জিলা আক্ৰাছুৰ সভাপতি কাৰ্তিক ৰায়ে পদবী লাভ কৰিছে ৷ সেইদৰে সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ আৰু সবিতা সিংহ অন্তৰ্ৱৰ্তীকালীন পৰিষদত স্থান লাভ কৰিছে ৷ আনহাতে শোণিতপুৰ জিলা আক্ৰাছুৰ সভাপতি বিক্ৰম দাস আৰু বৰপেটা জিলা আক্ৰাছুৰ সম্পাদক জিতু চৌধুৰী কোচ ৰাজবংশী উন্নয়ন পৰিষদত পদ লাভ কৰিছে ৷ সেয়ে সংগঠনটোৰ সংবিধান অনুসৰি এই আটাইকেইগৰাকীকে তাৎক্ষণিকভাৱে সংগঠনৰ পৰা অব্যাহতি দিয়া হৈছে ৷ অব্যাহতি দিয়াসকলক পিচত আনুষ্ঠানিকভাৱে বিদায় জনাব বুলিও কয় ৷ সভাপতিগৰাকীয়ে সংগঠনটোৰ খালী হোৱা সাধাৰণ সম্পাদক পদত বাক্সা জিলাৰ কেশৱ ৰায় আৰু ধুবুৰী জিলাৰ সঞ্জয় ৰায়ক যুটীয়া সম্পাদক হিচাপে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি দায়িত্ব অৰ্পণ কৰা হয় বুলিও জানিবলৈ দিয়ে ৷ উল্লেখ্য যে দুয়ো সংগঠনটোৰ সহকাৰী সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি আছিল ৷ ইপিনে সংবাদ মেলত আক্ৰাছুৰ উপ সভাপতি ক্ষীতিশ বৰ্মনে কয় যে সংগঠনটোৰ বৰ্তমানৰ সভাপতি অৰুণ কুমাৰ ৰায়ে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদত পদ লাভ কৰিছিল যদিও সেই পদ গ্ৰহণ নকৰে বুলি প্ৰকাশ কৰিছে আৰু উক্ত পদৰ পৰা পদত্যাগ কৰিছে ৷ সেয়ে অৰুণ কুমাৰ ৰায়কে পুনৰ সংগঠনটোৰ সভাপতি পদত বাহাল ৰখা হৈছে ৷ অৰুণ কুমাৰ ৰায়ে পৰৱৰ্তী অধিৱেশনলৈ সভাপতি হিচাপে কাৰ্যভাৰ চলাই যাব ৷ বাকী খালী হোৱা পদসমূহ পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি পূৰণ কৰা হ'ব বুলি কয় ৷ সংবাদ মেলত আক্ৰাছুৰ  কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা