অৱসৰী শিক্ষক, নামাচাৰ্য্য, সমাজকৰ্মী চেনীৰাম শইকীয়াৰ মৃত্যুত শোক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত মাজ-জাজৰি নিবাসী বিশিষ্ট সমাজকৰ্মী, গায়ন, বায়ন, নামাচাৰ্য্য তথা অৱসৰপ্ৰাপ্ত শিক্ষক চেনীৰাম শইকীয়াৰ ৮৮ বছৰ বয়সত জীৱনাৱসান ঘটাত সমগ্ৰ জাজৰি অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷ ১৯৩৪ চনত জন্ম গ্ৰহন কৰা শইকীয়াই ১৯৫১ চনৰ পৰা ১৯৯৫ চনৰ ৩১ মাৰ্চ পৰ্যন্ত সুদীৰ্ঘ কাল ধৰি শিক্ষাবৃত্তিত জড়িত থাকি নিজৰ দায়িত্ব অতি নিষ্ঠাসহকাৰে পালন কৰি সকলোৰে প্ৰিয়ভাজন হৈ পৰাৰ বিপৰীতে তেওঁ শিক্ষকতা কৰা শিক্ষানুষ্ঠানৰ লগতে স্থানীয় অঞ্চলৰ শৈক্ষিক পৰিবেশ উৰ্ধ্বগামী কৰি তোলাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াইছিল ৷ তেওঁ শিক্ষক হিছাপে ছাত্ৰ‌-ছাত্ৰীৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল ৷ শিক্ষকতাৰ সমান্তৰালকৈ স্থানীয় বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত থাকি নিজকে সমাজসেৱাত নিয়োজিত কৰা শইকীয়া আছিল একাধাৰে গায়ন, বায়ন আৰু নামাচাৰ্য্য ৷ নগাঁও জিলা সাহিত্য সভাৰ আজীৱন সদস্য শইকীয়া ত্যাগবীৰ হেম বৰুৱা পুথিভঁৰালকে ধৰি স্থানীয় বহুকেইটা অনুষ্ঠানৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল ৷ সৎ, অমায়িক আৰু সৰল মনৰ শইকীয়াৰ মৃৃৃত্যুৰ বাতৰি পোৱাৰ লগে লগে তেখেতৰ বাসগৃহত অনেক গুণমুগ্ধ সমবেত হৈ তেওঁলৈ শেষ শ্ৰদ্ধা জনায় ৷ বহু গুণধাৰী শইকীয়াৰ মৃত্যুত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জিল বৰদলৈ, প্ৰাক্তন অধ্যক্ষ দেবেন শইকীয়া, ৰাণা প্ৰকাশ বৰা, সমাজকৰ্মী হেম চন্দ্ৰ তামুলী, কুঁজিসত্ৰৰ মলাৰাম হাজৰিকা সোঁৱৰণী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিমান হাজৰিকা, জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈ আদিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ  গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ তেওঁ মৃত্যুৰ সময়ত তিনি পুত্ৰ, তিনি গৰাকী কন্যা, বোৱাৰী, জোৱাই, নাতিসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা