বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত 'বঙাইগাঁও ঋণ মেলা ২০২১'
জিলাখনৰ মুঠ ৫৮৩ গৰাকী হিতাধিকাৰীৰ মাজত প্ৰায় ১২ কোটি ১৭ লক্ষ টকাৰ ঋণ মঞ্জুৰী পত্ৰ বিতৰণ
বঙাইগাঁওঃ ১২ ফেব্ৰুৱাৰীঃ বিভিন্ন চৰকাৰী বিভাগৰ অধীনস্থ বিভিন্ন উন্নয়নমূলক আঁচনিৰ মঞ্জুৰীকৃত ঋণ পত্ৰ বিতৰণৰ উদ্দেশ্যে আজি বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 'বঙাইগাঁও ঋণ মেলা ২০২১' অনুষ্ঠিত হয়। আজি অনুষ্ঠিত এই ঋণ মেলাৰ যোগেদি আনুষ্ঠানিক ভাৱে জিলাখনৰ মুঠ ৫৮৩ গৰাকী হিতাধিকাৰীৰ মাজত প্ৰায় ১২ কোটি ১৭ লক্ষ টকাৰ ঋণ মঞ্জুৰী পত্ৰ বিতৰণ কৰা হয়। জিলাখনৰ ষ্টেট বেংক অৱ ইণ্ডিয়া, অসম গ্ৰামীণ বিকাশ বেংক, এক্সিছ বেংক, বেংক অৱ বৰোদা, বেংক অৱ ইণ্ডিয়া, কানাড়া বেংক, পাঞ্জাৱ নেচনেল বেংক, ইউকো বেংককে ধৰি ১৫ টা বিভিন্ন বেংকৰ শাখা প্ৰৱন্ধক তথা লীড বেংক প্ৰৱন্ধক আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বী বিষয়া সকলৰ উপস্থিতিত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম. এছ. লক্ষ্মীপ্ৰিয়াই এই ঋণ মেলাখনিৰ শুভ উদ্বোধন কৰে। জিলা উপায়ুক্ত গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত অনুষ্ঠানত উপস্থিত সকলো হিতাধিকাৰীক ঋণৰ সমূদায় ধন ব্যৱসায়- বাণিজ্য সম্পৰ্কীয় যি উদ্দেশ্যেৰ বাবে ঋণৰ আবেদন জনাইছিল সেই উদ্দেশ্যেক বাস্তৱ ৰূপায়ণৰ বাবেই সমূদায় ঋণৰ ধন সদ্ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায় আৰু মঞ্চত উপবিষ্ট সকলো বেংকৰ শীৰ্ষ বিষয়ববীয়া তথা শাখা প্ৰৱন্ধক সকলক ৰাজ্যৰ সকলো জিলাৰ ভিতৰতেই একেদিনাই অভিলেখ সংখ্যক ১২ কোটিৰ অধিক মঞ্জুৰীকৃত ঋণপত্ৰ বিতৰণ সম্ভৱ কৰি তুলাৰ বাবে ভূয়সী প্ৰশংসা কৰে তথা আন্তৰিক কৃতজ্ঞতা প্ৰদান কৰে ৷ জিলাখনৰ অতিৰিক্ত উপায়ুক্ত জি. পি. আগৰৱালাই উদ্দেশ্য ব্যক্ত কৰা আজিৰ অনুষ্ঠানত বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা বিভাগসমূহৰ মুৰব্বী বিষয়সকল, ঋণপ্ৰাপ্ত হিতাধিকাৰীসকল তথা অন্যান্য বহু লোক উপস্থিত থাকে।
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment