খকন আহমেদ আন্তঃজিলা স্কুল ক্ৰিকেটৰ কাইলৈ ফাইনেল

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সৌজ্যনত আয়োজিত খকন আহমেদ আন্তঃজিলা স্কুল (অনূৰ্ধ-১৯ল'ৰা)ক্ৰিকেট প্ৰতিযোগিতাৰ হোজাইত কাইলৈ(শনিবাৰ) অনুষ্ঠিত হ'বলগীয়া ফাইনেল খেলখনত ডিব্ৰুগড়ে মৰিগাঁৱৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব।সীমিত অভাৰৰ এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ডিব্ৰুগড় জিলা দলে কোকৰাঝাৰক পাঁচ উইকেটত আৰু মৰিগাঁৱে তেজপুৰ দলক ৩৮ ৰাণত হৰুৱাই ফাইনেলত উপনীত হৈছে। নগাঁও মহকুমা ক্ৰীড়া বিষয়া তথা প্ৰতিযোগিতাৰ তত্ত্বাবধায়ক কৌশিক ৰাজখোৱা আৰু হোজাইৰ ভাৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া ৰৰ্বাট টিউলৰৰ পৰা জানিৱ পৰা মতে, বৃহস্পতিবাৰে লংকাত অনুষ্ঠিত ছেমি ফাইনেল খেলখনত কোকৰাঝাৰ দলে টছত জিকি পোনতে বেট ধৰি ১৮.৪ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ৭৫ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ডিব্ৰুগড় জিলা দলে বেট ধৰি১২.৩অভাৰত পাঁচটা উইকেটৰ বিনিময়ত ৭৬ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্যত উপনীত হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা