খাকান আহমেদ আন্তঃজিলা স্কুল ক্ৰিকেট সমাপ্ত≈≈মৰিগাঁৱক হৰুৱাই ডিব্ৰুগড় চেম্পিয়ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৌজ্যনত আয়োজিত খাকান আহমেদ আন্তঃজিলা স্কুল (অনূৰ্ধ-১৯ ল'ৰা) ক্ৰিকেট প্ৰতিযোগিতাত ডিব্ৰুগড় জিলা দলে পোন প্ৰথমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। এই প্ৰতিযোগিতাৰ আজি হোজাইত অনুষ্ঠিত ফাইনেলত ডিব্ৰুগড়ে মৰিগাঁও জিলা দলক ৭২ৰাণত পৰাজিত কৰে। খেলখনত ডিব্ৰুগড়ে টছত জিকি পোনতে বেট ধৰি মানৱ বৰ্মনৰ-৩৬, অংকুশ মজুমদাৰৰ-৩৩, প্ৰাচুৰ্য বৰুৱাৰ-৩৩, নিশান্ত সিংহানিয়াৰ-২৯ আৰু দুৰ্তিময় নাথৰ-২৪ ৰাণৰ উল্লেখনীয় বৰঙণিৰে ২৫ অভাৰত পাঁচটা উইকেটৰ বিনিময়ত ১৯৮ ৰাণ সংগ্ৰহ কৰে। বলিঙত মৰিগাঁৱৰ হৈ পৰাগ বৰাই দুটা, এ এ হাছান, কাশ্যপ কাকতি আৰু দীপজ্যোতি শইকীয়াই একোটাকৈ উইকেট পায়।প্ৰত্যুত্তৰত মৰিগাঁও দলটোৱে বেট ধৰি চিত্তৰঞ্জন বৰাৰ-২৯ আৰু কাৰ্তিক ডেকাৰ-২২ ৰাণৰ উল্লেখনীয় অৱদান স্বতেও বিপক্ষৰ মোহিত ঠাকুৰ(৬/৯) আৰু নিৰ্মল চেত্ৰী(৪/২১)ৰ বিধ্বংসী বলিঙৰ প্ৰকোপত ১৭.২ অভাৰত ১২৬ ৰাণ সংগ্ৰহ কৰোতেই সকলোকেইটা উইকেটৰ পতন ঘটে। খেলৰ অন্তত অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত, ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী, সংযোগাধিকাৰী বিষয়া বিধান দাস, ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাং, ডঃ ৰৰ্বাট টিউলৰ, কৌশিক ৰাজখোৱা আৰু ক্ৰীড়া সংগঠক কমল দত্ত আদি উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে। উল্লেখ্য যে,আজিৰ খেলখনত হেট্টিক অৰ্জন কৰা ডিব্ৰুগড়ৰ মোহিত ঠাকুৰ শ্ৰেষ্ঠ খেলুৱৈৰ লগতে শ্ৰেষ্ঠ বলাৰ আৰু মানৱ বৰ্মন শ্ৰেষ্ঠ বেটছমেনৰূপে পৰিগনিত হয় বুলি প্ৰতিযোগিতাৰ তত্ত্বাবধায়ক তথা নগাঁও মহকুমা ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱাৰ পৰা জানিৱ পৰা গৈছে।

Comments