বঙাইগাঁৱত অগপৰ মহিলা পৰিষদৰ উদ্যোগত মহিলা সমাৰোহ

অসম গণ পৰিষদ দল বঙাইগাঁও সমষ্টিত অপ্ৰতিৰোধ্য দল ,এই দলক কোনোও পৰাভূত কৰিব নোৱাৰে ফণীভূষণ চৌধুৰী


 ফণীভূষণ চৌধুৰীয়ে অগপ দলৰ জন্মৰ পৰাই অসমৰ আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই ৰাখিছে -- মণি মাধৱ মহন্ত

বঙাইগাঁওঃ ২১ ফেব্ৰুৱাৰীঃ বঙাইগাঁও অসম গণ পৰিষদ দলৰ দুৰ্গ হিচাপে চিহ্নিত ৷ আমাক অসমৰ ৰাইজে ,অসমৰ জনসাধাৰণে তথা অসম গণ পৰিষদ দলৰ প্ৰতিগৰাকী কৰ্মী আৰু প্ৰতিগৰাকী সদস্যই কয় যে অসম গণ পৰিষদৰ দুৰ্গ বঙাইগাঁও ৷ আজি এই মহিলা পৰিষদৰ বঙাইগাঁও সমষ্টিৰ যি মহিলা সমাৰোহ এই সমাৰোহত উপস্থিতিয়ে পুনৰ প্ৰমাণ কৰি দিলে যে অসম গণ পৰিষদ দল বঙাইগাঁও সমষ্টিত অপ্ৰতিৰোধ্য এটা দল ৷ এই দলক কোনোও পৰাভূত কৰিব নোৱাৰে ৷ আমি সদায় ইয়াক অসম গণ পৰিষদ দলৰ দুৰ্গ হিচাপে জীয়াই ৰাখিব পাৰিম ৷ এই মন্তব্য অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা , বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ৷ আজি বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত অসম গণ পৰিষদৰ অসম মহিলা পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত আয়োজিত এখন মহিলা সমাৰোহত ভাষণ দি স্থানীয় বিধায়কগৰাকীয়ে এই মন্তব্য কৰে ৷ নিজৰ ভাষণত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে মই ৩৫ টা বছৰে বঙাইগাঁওবাসীক সেৱা আগবঢ়ালো ৷ এই ৩৫ টা বছৰে মই কি কৰিলো আৰু কি কৰিব নোৱাৰিলো সেই হিচাপ মই নিশ্চয় আপোনালোকক দিয়াৰ প্ৰয়োজন নাই ৷ যোৱা ৩৫ টা বছৰে মই কি কৰিছো আৰু কি কৰা নাই আপোনালোকে সেই হিচাপ কৰিব ৷ কিন্তু আজি আমি শুনিবলৈ পাওঁ যে অসম গণ পৰিষদ দলে ৩৫ টা বছৰে বঙাইগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ পিচত একোই হোৱা নাই ৷ মন্ত্ৰী গৰাকীয়ে বিৰোধীসকলক প্ৰশ্ন কৰি কয় যে যদি তেওঁ কোনো কাম কৰা নাই অথবা সমষ্টিটোৰ কোনো উন্নয়ন হোৱা নাই তেনেহলে বঙাইগাঁওবাসী ৰাইজে কিয় একেৰাহে সাতবাৰকৈ তেওঁক জয়ী কৰাই আনিলে ? এই কথা কিছুমান বিৰোধী ৰাজনৈতিক দলে এওঁলোকৰ বক্তব্যত প্ৰকাশ পোৱাতো দৃষ্টিগোচৰ হয় বুলি কয় ৷ তেতিয়া আমি ভাবো যে সঁচাকৈ যোৱা ৩৫ টা বছৰে বঙাইগাঁও সমষ্টিটোত একোৱেই কৰিব নোৱাৰিলোঁ নেকি ? এই মনোভাৱ আৰু এই চিন্তা আমাৰ মাজত আহে ৷ কিন্তু আমি ভাবো যে যোৱা ৩৫ টা বছৰত বঙাইগাঁও সমষ্টিত যথেষ্টখিনি কাম কৰিবলৈ সক্ষম হৈছো ৷ বঙাইগাঁৱৰ চৰিত্ৰ আৰু ৰূপ সলনি কৰি আমি পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছো ৷ স্থানীয় বিধায়কগৰাকীয়ে বঙাইগাঁও জিলা গঠন হোৱাৰ আগৰ অৱস্থা তথা তাৰ পিচৰ সময়চোৱাত কৰা বিভিন্ন উন্নয়নমূলক কাম- কাজৰ কথাও উল্লেখ কৰে ৷ লগতে নিৰ্বাচন অহাৰ বাবে এতিয়া বিভিন্ন আঁচনিৰ কাম আৰম্ভ কৰা বুলি বিভিন্নজনে কৰা মন্তব্য সন্দৰ্ভত কয় যে ইয়াত যিমান অনুষ্ঠান হৈছে বা হ'ব আমি তেতিয়াহে সেই অনুষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰো যেতিয়া প্ৰশাসনীয় অনুমোদন লাভ কৰো , নিবিদা হৈছে আৰু ঠিকাদাৰক কামৰ দায়িত্ব অৰ্পণ কৰিছে ৷ অৱশ্যে কিছুমান কাম আৰম্ভ কৰাত বিলম্ব হোৱা বুলিও কয় ৷ আনহাতে বঙাইগাঁও ইঞ্জিনীয়াৰিং কলেজৰ অধ্যক্ষৰ আৱাসগৃহ নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা বুলিও কয় ৷ লগতে ইঞ্জিনীয়াৰিং কলেজৰ কাম আৰম্ভ নোহোৱা বুলি সমালোচনা কৰা সকলোক এই কাম বিলাক চাই অহাৰ কাৰণেও আহ্বান জনায় ৷মন্ত্ৰীগৰাকীয়ে অসমৰ জনসাধাৰণে আৰু দলৰ কৰ্মীসকলে যে বঙাইগাঁৱক অগপৰ দুৰ্গ হিচপে অভিহিত কৰিছে এই দুৰ্গক যাতে চিৰদিন ৰক্ষা কৰিব পাৰে তাৰ বাবে সকলোকে আহ্বান জনায় ৷ লগতে কয় যে মই আশা ৰাখিছো যে আপোনালোকৰ আশীৰ্বাদ থাকিলে , আপোনালোকৰ সহযোগ থাকিলে আৰু সমৰ্থন থাকিলে বঙাইগাঁও সদায়ে অসম গণ পৰিষদ দলৰ দুৰ্গ হিচাপে চিহ্নিত হৈ থাকিব আৰু অসমৰ জনসাধাৰণে সদায়ে অসম গণ পৰিষদৰ দুৰ্গ বুলি অভিহিত কৰিব ৷ তেওঁ এই সন্মান দলৰ প্ৰতিজন কৰ্মী আৰু সদস্যকে বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ৷ বঙাইগাঁওবাসীয়ে তেওঁক ৩৫ বছৰে কৰা মৰম চেনেহ কোনো দিনেই তেওঁ পাহৰি নেযায় বুলিও কয় ৷ ৰাইজে যেনেকৈ  অগপ দলৰ প্ৰতি এই মৰম চেনেহ আগবঢ়াই আহিছে তাৰ বাবে ৰাইজৰ প্ৰতিয়ো অগপ দল দায়বদ্ধ বুলি কৈ তেওঁ অগপ দল আৰু বঙাইগাঁও বাসী ৰাইজৰ মাজত এই  সম্পৰ্ক যাতে চিৰ জীৱন অটুত থাকে তাৰ প্ৰতি আহ্বান জনায়৷ইপিনে মহিলা সমাৰোহত উপস্থিত থকা অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু প্ৰযুক্তি সম্পাদক মণি মাধৱ মহন্তই নিজৰ ভাষণত কয় যে আপোনালোকে যিজন নেতাৰ লগত থাকি আমাৰ সমাজখনক আগবঢা়ই লৈ গৈছে , আমাৰ সমাজখনক সমন্বয় আৰু উন্নয়নৰ মাজলৈ যিজন নেতাই আগবঢ়াই লৈ গৈছে , সেই নেতাজনে কেনেকে কাম কৰে , সেয়া চাবলৈ আহিছোঁ আৰু তেওঁৰ পৰা শিকিবলৈ আহিছো ,যাকলৈ আপোনালোকে গৌৰৱ কৰে আৰু আমি অসম গণ পৰিষদে গৌৰৱ কৰো ৷ তেওঁকলৈ আমি নতুন প্ৰজন্মৰ যিসকলে আমি ৰাজনীতি কৰিবলৈ আহিছো বহু কথা শিকিবলগীয়া আছে ৷ সেয়ে আমি তেওঁৰ পৰা শিকিবলৈ আহিছো ৷ প্ৰথমে আহিয়ে শিকিলো যে ৰাইজক ৰভাৰ তলিত বহুৱাইছে আৰু নিজে প্ৰখৰ ৰ'দত থিয় দি আছে ৷ এয়াই ব্যতিক্ৰমী গুণ আপোনালোকৰ নেতাৰ ৷ এয়াই বৈশিষ্ট ৷ কোনোবাই ক'ব পাৰিব নেকি  তেওঁ এজন সাধাৰণ প্ৰজা নে এজন মন্ত্ৰী ৷ কোনেও ক'ব নোৱাৰে ৷ আজি কালি নেতাই  নিজক বিভিন্ন ধৰণে প্ৰচাৰ কৰিবলৈ ব্যৱস্থা কৰে ৷ কিন্তু আপোনালোকে যিজন নেতা পাইছে তেওঁ নিজকে প্ৰচাৰ কৰিবলৈ নিবিচাৰে ৷তেওঁ মাঠি ফুটি ওলোৱা নেতা নহয় ৷ বৰং মাটিৰ লগত থকা সাতান পুৰুষীয়া কোচ ৰাজবংশীসকলৰ ঐতিহ্য আৰু গৰিমাক প্ৰতিনিধিত্ব কৰা এজন নেতা ৷ আৰু সেইজনেই হৈছে ফণীভূষণ চৌধুৰী ৷ যেতিয়াই অসম গণ পৰিষদৰ জন্ম হৈছিল তেতিয়াৰ পৰাই তেওঁ বঙাইগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে , অসমক প্ৰতিনিধিত্ব কৰি আহিছে আৰু অসমৰ আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই ৰাখিছে ৷ সেইখিনি সম্ভৱ হৈছে জাতিপ্ৰেমী আৰু বঙাইগাঁৱক ভাল পোৱা আই - মাতৃসকলৰ লগতে নিষ্ঠাবান দলীয় কৰ্মীসকলৰ বাবে ৷ বঙাইগাঁও আমাৰ স্বাভিমান৷ কাৰণ ইয়াত কোচ ৰজা নৰনাৰায়ণে শাসন কৰি গৈছে ৷ এক সুকীয়া ঐতিহ্য ৰাখি খৈ গৈছে ৷ ভাষণ প্ৰসংগত তেওঁ মহাবীৰ চিলাৰায়ৰ বিষয়েও উল্লেখ কৰে ৷ উল্লেখ্য যে আজিৰ মহিলা সমাৰোহত হেজাৰ হেজাৰ বিভিন্ন জাতি আৰু ধৰ্মালম্বী মহিলাৰ উপস্থিতি দেখি তেওঁ আপ্লুত হৈ কয় যে মাতৃ সকলে ফণীভূষণ চৌধুৰীক কিমান মৰম কৰে আজিৰ এই সমাবেশৰ পৰাই শিক্ষা গ্ৰহণ কৰিলে ৷ তেওঁ লগতে কয় যে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে অগপ দলৰ বাহিৰে কোনো বিকল্প নাই ৷ অইন দলৰ দৰে অগপ দল সাম্প্ৰদায়িক দল নহয় ৷ সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিৰ সমমৰ্যাদা নীতিই হৈছে অগপ দলৰ আদৰ্শ ৷ গতিকে অগপ দলৰ শাসন কালত ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা সুনিশ্চিত থাকে ৷ তথ্য আৰু প্ৰযুক্তি বিভাগৰ সম্পাদকগৰাকীয়ে লগতে স্বাৱাভিমানী আসম আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াৰ  প্ৰতিয়ো অগপ দলে এক লক্ষ্য লোৱা বুলি উল্লেখ কৰে ৷ অসম মহিলা পৰিষদৰ বঙাইগাঁও সমষ্টি পৰিষদৰ সভানেত্ৰী তথা জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহই আদৰণি ভাষণ আগবঢ়োৱা মহিলা সমাৰোহত অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী বৰদা কলিতা, সাধাৰণ সম্পাদিকা বৰষা নাথ , মহিলা পৰিষদৰ দক্ষিণ অভয়াপুৰী সমষ্টিৰ সম্পাদিকা পিয়াৰা বেগম , অসম ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মনোৰঞ্জন ভাগৱতী   অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শীলা বিশ্বাস , অগপৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অঞ্জন কলিতা,  প্ৰাক্তন বিধায়ক তথা দলটোৰ সম্পাদক ভূপেন ৰায় আদিয়েও বক্তব্য ৰাখে ৷ আজিৰ এই অনুষ্ঠানৰ আতঁধৰে শিক্ষাবিদ অশোক দেৱে ৷ আজিৰ এই মহিলা সমাৰোহত কেবাহেজাৰো মহিলাই অংশগ্ৰহণ কৰে ৷ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ অইন সমষ্টিৰ লগতে বঙাইগাঁও বিধান সভা সমষ্টিতো আজি অগপই নিৰ্বাচনী চমক  দেখুৱাই বিৰোধীৰ সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে ৷ লগতে দলটোৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ দ্বাৰা আয়োজিত বিশাল মহিলা সমাবেশৰ জৰিয়তে দলটোৱে আজি বঙাইগাঁৱত প্ৰদৰ্শন কৰিলে শক্তি ৷  

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা