নগাঁৱত আন্তঃজিলা জিমনাষ্টিকছ আৰম্ভ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ফেব্ৰুৱাৰীঃ অসম জিমনাষ্টিকছ সন্থাৰ উদ্যোগত তথা নগাঁও ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত আজিৰে পৰা আৰম্ভ হৈছে মুখলেছ আহমেদ সোঁৱৰণী ৩০সংখ্যক সদৌ অসম আন্তঃজিলা জিমনাষ্টিকছ প্ৰতিযোগিতা । নগাঁও ক্ৰীড়া সংস্থাৰ ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এই প্ৰতিযোগিতাত মিনি, ছাৱ-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰৰ ল'ৰা-ছোৱালী উভয় শাখাৰে বিভিন্ন বিভাগৰ খেলসমূহ হ'ব অহা ১৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ৷ আজি ঘৰুৱা নগাঁও জিলা দলকে ধৰি অসম পুলিচ, গোলাঘাট, মৰিগাঁও, শোণিতপুৰ, কামৰূপ(গ্ৰাম্য), শিৱসাগৰ,গুৱাহাটী, যোৰহাট আৰু বৰপেটা জিলাৰ দুশৰো অধিক খেলুৱৈ(ল'ৰা-ছোৱালী) আৰু অফিচিয়েলে ইতিমধ্যে নাম পঞ্জীয়ণ কৰিছে।এন আই এছ প্ৰশিক্ষক হোচনে কামাল মাহমেদুৰ ৰহমান(ৰোমান) কাৰিকৰী সঞ্চালকৰূপে থকা প্ৰতিযোগিতাখনৰ উৎকৰ্ষতাৰ বাবে অলিম্পিয়াড দীপা কৰ্মকাৰ, দ্ৰোণাচাৰ্য বঁটা লাভ কৰা প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দী আৰু ভাৰতীয় জিমনাষ্টিকছ ফেডাৰেছনৰ সাধাৰন সম্পাদক ডঃ এছ শান্তি কুমাৰ সিং আজি সন্ধিয়া নগাঁৱত উপস্থিত হৈছে। অসম জিমনাষ্টিকছ সন্থাৰ সম্পাদক উজ্বল বৰুৱাই জনোৱা মতে প্ৰতিযোগিতাৰ আৰম্ভণি প্ৰক্ৰিয়া আজিৰে পৰা চলিছে যদিও আনুষ্ঠানিকভাৱে উদ্বোধনী অনুষ্ঠান কাইলৈ সন্ধিয়া ৫-৩০বজাত হ'ব।
Comments
Post a Comment