বঙাইগাঁৱত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ঘেৰাও কৰিলে শিক্ষা বিষয়াৰ কাৰ্যালয়

বঙাইগাঁওঃ ২০ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আজি বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়েও বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা ৮,৭০০ টকাৰ গ্ৰেড পে' ঘূৰাই দিয়া মুখ্য দাবী দুটাৰ লগতে ঠিকা ভিত্তিক শিক্ষকৰ প্ৰাপ্য মৰগীয়া বানচ মোকলাই দিয়াৰ দাবীত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰ অংশ হিচাপে জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কাৰ্যালয় চৌহদ তিনি ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা ১১ বজাৰ পৰা দিনৰ ২ বজালৈ ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিক্ষকসকলে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰক, ৮,৭০০ টকাৰ গ্ৰেড পে' ঘূৰাই দিয়ক , ঠিকা ভিত্তিক শিক্ষকসকলৰ প্ৰাপ্য মৰগীয়া বানচ আদায় দিয়ক ,অসম চৰকাৰ হায় হায় , আমাৰ দাবী নাৰ্য দাবী আদি বিভিন্ন শ্লোগান দি কাৰ্যালয় প্ৰাংগণ মুখৰিত কৰি তোলে ৷ কাৰ্যসূচীৰ অন্তত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে উপৰোক্ত দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত বঙাইগাঁও জিলাৰ বঙাইগাঁও , উত্তৰ শালমাৰা আৰু মাণিকপুৰ মহকুমা প্ৰাথমিক শিক্ষক বিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে অংশ গ্ৰহণ কৰে ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা