নাৰীশক্তি সমাজৰ শ্ৰেষ্ঠ শক্তি : জামুগুৰিহাটত মুখ্যমন্ত্ৰী সোনোৱাল

আজি দিনযোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ পঞ্চায়ত আৰু গ্ৰামোনন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীন জিৱীকা অভিযানৰ উদ্যোগত জামুগুৰিহাটৰ পৰিদৰ্শন বাংলা চৌহদত অনুষ্ঠিত হোৱা এক বিশাল মহিলা সমাৰোহত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী সোনোৱালে ১৫৩ গৰাকী জীৱিকা সখীক একোখনকৈ স্কুটাৰ প্ৰদান কৰাৰ লগতে জিলাখনৰ ৩৩৪০ টা গোটক ৫০০০০ টকাৰ চেক প্ৰদান কৰে ৷ সমাৰোহত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নাৰী শক্তিক উদ্দেশ্যি নিজৰ ভাষন প্ৰসংগত কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে অসমৰ মহিলা সকলোলৈ আগবঢ়োৱা বিভিন্ন আঁচনিৰ দ্বাৰা অসমৰ অৰ্থনৈতিক দিশ যথেষ্ট টনকীয়াল হোৱা পৰিলক্ষিত হৈছে ৷ নাৰী শক্তিক সমাজৰ শ্ৰেষ্ঠ শক্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সমাজৰ উন্নয়নৰ বাবে মহিলাসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ ইপিনে চতিয়া সমষ্টিৰ দিঘলী চাপৰিত নিৰ্মান হ'বলগীয়া এখন উদ্যোগিক উদ্যানৰ লগতে হাজাৰীমলত হ'বলগীয়া ITI কলেজ নিৰ্মান কাৰ্য্যৰ শুভাৰম্ভনী কৰাৰ লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰীকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী পামৰ অন্তৰ্গত ধুগ্ধ উদ্যোগটোৰ কাৰনে প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে  দৈ ক্ৰীম আদি প্ৰস্তুত কৰা এক অত্যাধুনিক মেছিনৰো শুভাৰম্ভনী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ইফালে আলফাৰ দ্বাৰা অপহৃত কুইপৰ দুই বিষয়াক অতি শীঘ্ৰেই মুক্তি কৰি দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে 
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা