নগাঁৱত পৰম্পৰাগত ক্ৰীড়াৰ বাছনি শিৱিৰ সম্পন্ন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাত যোগদানৰ উদ্দেশ্যে নগাঁও জিলা দলটো গঠন কৰিবলৈ দুদিনীয়াকৈ নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত আয়োজিত বাছনি শিবিৰৰ আজি সফলতাৰে সামৰণি পৰে। নগাঁও জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এই বাছনি শিবিৰত আজি ৰছী টনা খেল প্ৰদৰ্শিত হয় বুলি মহকুমা ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱাই জনাইছে। এই প্ৰদৰ্শনমূলক খেলৰ অনুষ্ঠানটোত থলুৱা আৰু পৰম্পৰাগত খেলৰ পৰিচালক প্ৰভাত চন্দ্ৰ বৰা, নাচিৰউদ্দিন আহমেদ, দুলেন দেউৰী, বিজিতেশ শৰ্মা বৰুৱা, বিচিত্ৰ ৰঞ্জন বৰা, অসম যোগ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ কুমুদ নাথ আদি উপস্থিত থাকে। এই বাছনি শিৱিৰটোত দুশৰো অধিক খেলুৱৈ(ল'ৰা-ছোৱালী)য়ে ভাগ লৈছিল।
Comments
Post a Comment