বেবেজীয়াত একেদিনাই পাঁচটা অনুষ্ঠানৰ আধাৰশিলা বিধায়ক ৰূপক শৰ্মাৰ

lনগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও সদৰ বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ সমষ্টিটোত সকলো ৰাজনৈতিক দলেই ব্যাপক নিৰ্বাচনী কুছকাৱাজ চলাই থকা দেখা গৈছে ৷ ইয়াৰ বিপৰীতে শাসনাধিষ্ঠিত বিজেপি দলৰ বিধায়ক ৰূপক শৰ্মাই সমষ্টিটো পুনৰ নিজৰ দখলত ৰাখিবৰ বাবে বিভিন্ন উন্নয়ণমূলক কাম-কাজ ৰূপায়ণৰ দ্বাৰা ৰাইজৰ মাজত তৎপৰতা অব্যাহত ৰাখিছে ৷ ইয়াৰ অংশহিচাপে সোমবাৰে বিধায়কগৰাকীয়ে সমষ্টিটোৰ বেবেজীয়াত বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত নাথৰ উপস্থিতিত পাঁচটাকৈ অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। বিধায়ক শৰ্মাই 'অসম আদৰ্শ গাঁও যোজনা'ৰ অধীনত বেবেজীয়া চাৰিআলি বজাৰগৃহৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰ আৰু খোৱা পানী ব্যৱস্থা নিৰ্মাণ, টোকোলাই বেবেজীয়া ৰাজহুৱা গৃহ আৰু অনাময় ব্যৱস্থা নিৰ্মাণ, টোকোলাই বেবেজীয়া আত্মসহায়ক গোটৰ হস্ততাঁত উৎপাদন আৰু বিক্ৰী কেন্দ্ৰ নিৰ্মাণ, টোকোলাই বেবেজীয়া ৰাজহ গাঁৱৰ অন্তৰ্গত তিনিটা অংগনবাড়ী কেন্দ্ৰ মেৰামতিকৰণৰ লগতে ভোগেশ্বৰ হাজৰিকা বিদ্যালয়ৰ মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ এই আধাৰশিলা অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাক বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য তপন বৰদলৈ, স্থানীয় গাঁওবুঢ়া বিতুল কাকতি, সমাজকৰ্মী প্ৰাঞ্জল বৰদলৈকে ধৰি দলীয় বহু সংখ্যক কৰ্মীয়ে সংগ দিয়ে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা