অসমত মৌ-পালনক পেশাদাৰী বৃত্তি হিচাপে প্ৰসাৰ অভিযানত ডাবৰ ভাৰত





ষ্টাফ ৰিপ'ৰ্টাৰ,,১৭ ফেব্ৰুৱাৰী
অসমৰ মৌ-পালকসকলক সহায়ৰ প্ৰচেষ্টা আৰু মৌ-পালনক কাৰ্যকৰী বৃত্তি হিচাপে প্ৰসাৰৰ উদ্দেশ্যে ভাৰতৰ আগশাৰীৰ বিজ্ঞান-ভিত্তিক আয়ুৰ্বেদিক মূল ডাবৰ ভাৰত লিমিটেডে অসমৰ বিশ্বনাথ জিলাৰ জৈছিদিহ ত এখন বেবিনাৰ অনুষ্ঠিত কৰে। এই ৱেবিনাৰ খনত অংশগ্ৰহণ কৰে  ১০০ গৰাকীতকৈ ও অধিক মৌ-পালকে যিসকলে মৌ-পালনত ডাবৰ ভাৰত লিমিটেডক সহায়-সহযোগ আগবঢ়াইছে। ৱেবিনাৰত ক্ষেত্ৰ সচিব, সুটী ব্লক আৰু ডাবৰ ভাৰত লিমিটেডৰ ড০ বদ্ৰী নাৰায়ণ , জৈৱ-গৱেষণা উন্নয়ন গোটৰ পৰামৰ্শদাতা ড০ পংকজ ৰাতুৰী, জৈৱ-গৱেষণা উন্নয়ন গোটৰ প্ৰধান সচিবকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সন্দৰ্ভত ডাবৰ ভাৰত লিমিটেডৰ জৈৱ- গৱেষণা উন্নয়ন গোটৰ প্ৰধান সচিব ড০ পংকজ ৰাতুৰী এ কয়-" মৌ পালন এক উদ্যোগ হিচাপে ক্ষুদ্র কৃষকসকলৰ সৈতে সঠিক ভাৱে খাপ খায় আৰু অতিৰিক্ত উপার্জন ৰ বাবেও সহায় কৰে। ডাবৰত অপৰিহাৰ্য দক্ষতা লক্ষ্য কৰি লোৱা সম্প্ৰদায়ৰ মাজত উপলব্ধ কৰাবলৈ আমি প্ৰতিশ্ৰুতি বদ্ধ"। উল্লেখযোগ্য যে, এই প্ৰকল্পৰ অধীনত ডাবৰ ভাৰত লিমিটেডে বৰ্তমানলৈ অসমৰ ৮ খন জিলা সামৰি লৈছে। এই পদক্ষেপৰ দ্বাৰা, কৃষকৰ প্ৰদান কৰা তিনি পৰ্যায়ৰ প্ৰশিক্ষণৰ পিছত ১৫০ টা মৌৰ বাকচ প্রদান কৰা হৈছে। এই পদক্ষেপে অসমৰ ২৫,০০০ তকৈ ও অধিক জনগোষ্ঠীয় পৰিয়ালৰ সৈতে সংযোজিত হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা