বঙাইগাঁৱত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত জিলা কংগ্ৰেছৰ ধৰ্ণা

 বঙাইগাঁওঃ২২ফেব্ৰুৱাৰীঃ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি বঙাইগাঁও জিলা কংগ্ৰেছে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত ইণ্ডিয়ান পেট্ৰ'ল পাম্পৰ সন্মুখত ৰূপায়ণ কৰা দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে পেট্ৰ'ল-ডিজেল , ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰ হায় হায়,ফণীভূষণ চৌধুৰী' গ'বেক, নৰেন্দ্ৰ মোদী গ' বেক, মিছলীয়া বিজেপি চৰকাৰ হায় হায় , মিছলীয়া ফণীভূষণ চৌধুৰী হায় হায় , সৰ্বা- হিমন্ত হায় হায়, এজিপি - বিজিপি হায় হায়  আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে৷ ইপিনে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰীশ বৰুৱাই কয় যে বিজেপি চৰকাৰৰ দিনত ভাৰতৰ্ষৰ জনসাধাৰণে অত্যাৱশ্যকীয় সাগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত ত্ৰাহি মধুসূদন দেখিছে ৷ পেট্ৰ'ল- ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ এইদৰে দিনে দিনে মূল্যবৃদ্ধি হৈ থকাত এতিয়া জনসাধাৰণে ইয়াৰ পৰিত্ৰান বিচাৰিছে ৷ বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰখনে জি এছ টি , নোট বন্দীৰ জৰিয়তে দেশৰ অৰ্থনীতি পংগু কৰি পেলাইছে ৷ গতিকে অৰ্থৰ প্ৰয়োজন হৈ পৰিছে ৷ সেয়ে অৰ্থ উপাৰ্জনৰ বাবে এতিয়া বিজেপি চৰকাৰখনে পেট্ৰ'ল - ডিজেল আৰু ৰন্ধন গেছৰ ওপৰত চকু দিছে ৷ যাৰ বাবে আমি জনসাধাৰণক সচেতন কৰিব বিচাৰিছো আৰু আমি ইয়াৰ প্ৰতিবাদ কৰিছো ৷ সেইদৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোৰ্তিময় বৈশ্যই কয় যে কিছুদিন পূৰ্বে পাঁচ টকা কমাই দি বিজেপি - এজিপি চৰকাৰখনে পেট্ৰ'লৰ দাম কমাই দিলে বুলি ঢাক- ঢোল বজালে ৷ কিন্তু তাৰ পিচত পুনৰ লাহে লাহে ইয়াৰ মূল্য বঢ়াই লৈ গৈ আছে ৷ তেওঁলোকে অসমৰ জনসাধাৰণক বুৰ্বক বুলি ভাবে ৷ তেওঁলোকে বিজ্ঞাপনৰ দ্বাৰাই সকলো হ'ব বুলি ভাবে ৷ আগতে পেট্ৰ'ল পাম্পবোৰত মোদীৰ বৃহৎ বৃহৎ হৰ্ডিং আছিল ৷এতিয়া সেই হৰ্ডিং মানুহে নাচায় ৷ মানুহে শেষবাৰৰ বাবে সিদ্ধান্ত লৈছে এইবাৰ এই বিজেপি - এজিপি চৰকাৰখনক বিদায় দিব ৷ ধৰ্ণা কাৰ্যসূচীত বঙাইগাঁও জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মৃণাল অধিকাৰীৰ লগতে কেবাইজনো বিষয়ববীয়া আৰু কংগ্ৰেছ কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা