বঙাইগাঁৱত অসম জাতীয় পৰিষদৰ বঙাইগাঁও সমষ্টি সমিতিৰ সংবাদ মেল

বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীক তীব্ৰ সমালোচনা 

একনায়কত্ববাদ ,দাম্ভিকতা , অহংকাৰ তথা স্বেচ্ছচাৰী কাৰ্যকলাপত অতিষ্ঠ হৈ শীঘ্ৰে অগপ দল ত্যাগ কৰি সমষ্টিটোৰ হাজাৰ হাজাৰ সদস্য - সদস্যাই যোগ দিব অসম জাতীয় পৰিষদত


প্ৰাক্তন পৌৰপতি দীপু চৌধুৰীৰ অগপ ত্যাগ

বঙাইগাঁওঃ১৮ ফেব্ৰুৱাৰীঃ ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত বিধায়ক তথা ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ একনায়কত্ববাদ ,দাম্ভিকতা , অহংকাৰ তথা সঁচা অৰ্থত স্বেচ্ছাচাৰিতা ,দলীয় বিষয়ববীয়া আৰু কৰ্মকৰ্তাক অৱজ্ঞা,হেয়জ্ঞান, অৱহেলা, স্বোজন- তোষণ আদি কাৰ্যকলাপত অতিষ্ঠ হৈ  সমষ্টিটোৰ হাজাৰ হাজাৰ সদস্য - সদস্যাই অতি কম দিনৰ ভিতৰতে অসম গণ পৰিষদ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিব ৷ এই দাবী অসম জাতীয় পৰিষদৰ বঙাইগাঁও সমষ্টি সমিতিৰ ৷ আজি গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাৱত অসম জাতীয় পৰিষদৰ বঙাইগাঁও সমষ্টি সমিতিয়ে আয়োজন কৰা এখন সংবাদ মেলত দলটোৰ সৈতে জড়িত সমাজকৰ্মী প্ৰভাত বৈষ্ণৱে এই দাবী কৰে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে অগপ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা ডাংতল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা জিলা অগপৰ সম্পাদক আদি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা বিনয় ৰায় , অম্বিকা নাথৰ লগতে সদ্য দলত্যাগী জিলা অগপৰ সহকাৰী সম্পাদক তখা দোলাইগাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কৈলাশ পাঠক আদি উপস্থিত থকা সংবাদ মেলত প্ৰভাত বৈষ্ণৱে কয় যে ইতিমধ্যে এইসকলৰ লগতে শেহতীয়াভাৱে বঙাইগাঁও পৌৰ সভাৰ প্ৰাক্তন সভাপতি দীপু চৌধুৰীয়েও অগপ দলৰ পৰা পদত্যাগ কৰিছে ৷ এয়া আৰম্ভণিহে মাত্ৰ ৷ বৰ্তমান বঙাইগাঁও জিলা অগপত দলীয় গণতন্ত্ৰ একেবাৰে ধ্বংস হৈ গৈছে ৷ বিধায়ক চৌধুৰীৰ কূট- কৌশলত কোনো জাতীয় সংগঠন, অনুষ্ঠান আদিত নেতা সৃষ্টি হ'বলৈ নিদিয়ে ৷ তেওঁৰ কূট- কৌশলী জালত পৰি কোচ ৰাজবংশীকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় সংগঠন ৰাজনৈতিক পাকচক্ৰত পৰি ধ্বংস হৈছে অথবা জনগোষ্ঠীয় সংগঠনৰ অস্থিত্বত আঘাত কৰিছে বুলিও কয় ৷ প্ৰভাত ৱৈষ্ণৱে সংবাদ মেলত কয় যে কোনোবা ৰাজনৈতিক সচেতন ব্যক্তিয়ে ফণীভূষণ চৌধুৰীৰ একনায়কত্ববাদত অতিষ্ঠ হৈ অগপ দল ত্যাগ কৰিলে ৰাজনৈতিক ,অৰ্থনৈতিক আৰু সামাজিকভাৱে তেনে ব্যক্তি বা ব্যক্তি সমষ্টিক বিভিন্ন ধৰণে নিৰ্যাতন দিয়ে আৰু ইতিমধ্যে বহু পৰিয়ালক ধ্বংস কৰিছে ৷ কিন্তু নিজ ৰাজনৈতিক আৰু গাদী দখলৰ স্বাৰ্থত কেতিয়াবা চি পি এম ,কেতিয়া কংগ্ৰেছ ,কেতিয়াবা বিজেপি ,কেতিয়াবা এআইইউডিএফৰ লগত লগ লাগি জিলা পৰিষদ ,পৌৰসভা, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত আদি গঠন কৰি নিজকে ধোৱা তুলসীৰ পাত হিচাপে দম্ভালি মাৰি অগপৰ সমৰ্থকসকলক বিভ্ৰান্ত কৰি আহিছে ৷ অগপ দল আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে শতকৰা এশ ভাগ আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে আৰু  বঙাইগাঁৱত স্বেচ্ছাচাৰী শাসন প্ৰৱৰ্তন কৰিছে ৷ ফণীভূষণ চৌধুৰী এগৰাকী দুতলীয়া ব্যক্তি বুলি উল্লেখ কৰি এফালে সাধু আনফালে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী বুলি কয় ৷ জিলাখনৰ উন্নয়নমূলক বিভাগসমূহৰ মুৰব্বীসকলৰ পৰা বুজন পৰিমাণৰ কমিছন গ্ৰহণ কৰা,  জিলা পৰিষদৰ কণ্টিজেন্সি ফাণ্ড (Contingency Fund )ৰ টকা নিৰ্বাচনৰ ব্যয়ৰ নামত সংগ্ৰহ ,পি ডব্লিউ ডি ৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ পৰা কাম আবণ্টন দিয়া বিলৰ ধন মোকলাই দিয়া আদি কৰ্যত লাখ লাখ টকা সংগ্ৰহ কৰি প্ৰতিটো আঁচনিৰ কাম অতি নিম্ন মানদণ্ডৰ কৰিবলৈ সংশ্লিষ্ট ঠিকাদাৰসকলক উদগনি দি আহিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে বৈষ্ণৱে ৷ বিধায়কজনে নিজৰ ৩৫ বছৰীয়া ৰাজত্ব কালত মুষ্টিমেও কেইগৰাকীমান ব্যক্তিক ধনী কৰিছে যদিও গাঁৱে - ভূঞে, চহৰৰ ৱাৰ্ডে ৱাৰ্ডে কেইবাটাও প্ৰজন্মক নিঃশেষ কৰিছে ৷ সেই সকলৰ ভৱিষ্যৎ আজি অন্ধকাৰ ৷ সেইদৰে বিধায়কজনে সদায়ে বঙাইগাঁৱৰ ক্ষুদ্ৰ তথা বিশিষ্ট ব্যৱসায়ীসকলক দবাই ৰাখি এছ আই কেলেংকাৰীত জড়িত হৈ গ্ৰেপ্তাৰ বৰণ কৰা অক্ষয় চান্দ বৈদৰ পদানত কৰি ৰাখিবলৈ বাধ্য কৰাইছে বুলি কৈ তেওঁ বঙাইগাঁও সমষ্টিত এগৰাকী ভয়ানক মাফিয়া হিচাবে নিজক প্ৰতিষ্ঠা কৰিছে আৰু সকলো স্তৰতে ভীতি আৰু সন্ত্ৰাস সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভ কৰি আহিছে বুলিও কয়৷ আনহাতে 'কা' আন্দোলন সন্দৰ্ভত বৈষ্ণৱে কয় যে 'কা' বিৰোধী আন্দোলনত বিধায়কগৰাকীয়ে অগপৰ সাধাৰণ কৰ্মী ক্ৰমে গাঁও আৰু চহৰৰ নিৰীহ পুৰুষ- মহিলাক ৰাজ পথত উলিয়াই শাস্তি প্ৰদান কৰি নীচ স্বাৰ্থত লুটি বাগৰ মাৰি সেই একেখিনি লোকক 'কা' ৰ সমৰ্থনত পুনৰবাৰ ৰাজ পথত উলিয়াই দি দুমুখীয়া নীতি গ্ৰহণ কৰি ৰাইজক বিভ্ৰান্ত কৰি ৰাজনৈতিক মুনাফা লৈছে ৷  প্ৰভাত বৈষ্ণৱে পুনৰ বিধায়কগৰাকীক সমালোচনা কৰি কয় যে ফণীভূষণ চৌধুৰীৰ কোনো নেতৃত্ব নাই ৷ যাৰ বাবে বিগত ৩৫ টা বছৰে বঙাইগাঁওবাসী ৰাইজে এখন বিশ্ববিদ্যালয় ,এখন মেডিকেল কলেজ ,এখন ইঞ্জিনীয়াৰিং কলেজ , এখন চি আই টি  আদি লাভ কৰাৰ সৌভাগ্য নহ'ল ৷ তেওঁ শ্ৰম আৰু নিয়োগ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিও বঙাইগাঁও আই টি আইখনক  উন্নত কৰাতো দুৰৰ কথা বৰং উক্ত কাৰিকৰী প্ৰতিষ্ঠানখনক চকুৰ আগতে ধ্বংস হ'বলৈহে দিলে ৷ সংবাদ মেলত বৈষ্ণৱে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী হিচাপে তেওঁ এগৰাকী সম্পূৰ্ণ ব্যৰ্থ মন্ত্ৰী বুলি কৈ কয় যে সদায় কমিছনৰ ধান্দাত থকা বাবে সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে আৰু ৰাইজে প্ৰতিদিনে আৰ্থিক ভাৱে জীয়াতু ভোগ কৰিছে ৷ ভুৱা ৰেচন কাৰ্ডৰ যোগেদি প্ৰতিমাহে লাখ লাখ টকাৰ পি ডি এছ সামগ্ৰী চোৰাংভাৱে বিক্ৰী হৈ আছে ৷ কেৱল বঙাইগাঁও বিধান সভা সমষ্টিতে তিনি হাজাৰতকৈ অধিক ভুৱা ৰেচন কাৰ্ড চলি আছে ৷ তেওঁ বিভাগীয় মন্ত্ৰী হিচাপে ন্যস্ত স্বাৰ্থত জড়িত হৈ কোনো ব্যৱস্থা নলয় বুলিও অভিযোগ কৰে ৷  সেইদৰে বিধায়কগৰাকীয়ে সকলো ক্ষেত্ৰতে ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ কৰি প্ৰভাত ৱৈষ্ণৱে কয় যে বঙাইগাঁও পৌৰসভাৰ এলেকাত বৃহৎ এপাৰ্টমেণ্ট ,শ্বপিং মল, গৃহ নিৰ্মাণ আদিৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত পৌৰ সভা কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰি বে আইনীভাৱে অনুমতি দিবলৈ বাধ্য কৰাই জল নিষ্কাষন আদিকে ধৰি ওচৰ চুবুৰীয়াক বিপদত ঠেলি দিছে  ৷ এটা নিৰ্বাচনত ৰাইজৰ ভোটেৰে নিৰ্বাচিত হোৱাৰ পিচত ৰাইজৰ সুখ- দুখৰ প্ৰতি মুঠেও কেৰেপ নকৰা ফণীভূষণ চৌধুৰীয়ে হকে বিহকে চৰকাৰী আঁচনি উদ্বোধন, শুভাৰম্ভ আদি কাৰ্য নিজক জড়িত কৰাই প্ৰতিটো নিৰ্বাচনৰ আগে আগে সস্তীয়া জনপ্ৰিয়তা লাভ কৰাৰ প্ৰচেষ্টা কৰা তেঁৱৰ স্বাভাৱিক চৰিত্ৰ ৷ কিছুমান উদ্বোধনী অনুষ্ঠানত লগত যোৱাকেইটাৰ বাহিৰে কোনো নাথাকে ৷ কিন্তু বিধায়কগৰাকীৰ শেহতীয়া এক কাৰ্যই নিজৰ ফোপোলা স্বৰূপটোকে উদঙাই দিয়া বুলি মন্তব্য কৰি অজাপ দলৰ সদস্যগৰাকীয়ে কয় যে বঙাইগাঁও চহৰৰ ১৭ নং ৱাৰ্ডৰ বাসিন্দা দিগন্ত ৰায়ে পি এম ৱাই আঁচনিৰ এটি গৃহ নিৰ্মাণৰ বাবে মঞ্জুৰীকৃত ধনৰ লগত নিজৰ কিছু টকা খৰচ কৰি গৃহ নিৰ্মাণ কৰে ৷ সেই গৃহটেত স্থানীয় ৰাইজৰ দ্বাৰা নাম- কীৰ্তন কৰি তথা ধৰ্মীয় ৰীতি- নীতিৰ মাজেৰে ২০ জানুৱাৰীত পৰিয়ালটোৱে গৃহ প্ৰৱেশ কৰি থাকিবলৈ লৈছিল ৷ কিন্তু গণভিত্তি হেৰুৱাই পেলোৱা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে যোৱা ১ ফেব্ৰুৱাৰীত পুনৰ উক্ত গৃহটো ফিটা কাটি উদ্বোধন কৰে ৷ গতিকে এই কাৰ্যই কি সূচায় বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ লগতে আত্মসহায়ক গোট ,অংগনাবাদী কৰ্মী ,আশাকৰ্মী আৰু অন্যান্য চৰকাৰী মহিলা সংগঠনসমূহক ফণীভূষণ চৌধুৰীৰ স্বাৰ্থত কাম কৰিবলৈ তীব্ৰ হেঁচা প্ৰয়োগ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি প্ৰভাৱ বৈষ্ণৱে কয় যে সেইবোৰ চৰকাৰি সংগঠনক বিভিন্ন প্ৰলোভনেৰে ২১ ফেব্ৰুৱাৰীত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত বিশাল ভোজমেলৰ আয়োজন কৰিছে ৷ তেওঁ অজাপই এই আয়োজনৰ তীব্ৰ বিৰোধিতা কৰা বুলি কৈ মহিলা সংগঠনসমূহক নিজ সাংগঠনিক আদৰ্শ অটুত ৰাখি এই ভোজমেলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ৷ লগতে কয় যে বিধায়কগৰাকীয়ে সমষ্টিটোৰ ভোটাৰসকলক দৰিদ্ৰতাৰ তুলাচনীত উঠাই সাহায্য প্ৰদানৰ নামত দমন আৰু শোষণ নীতি প্ৰয়োগ কৰি পদ দলিত কৰি ৰাখিছে ৷ আনহাতে সংবাদ মেলত বিধায়কগৰাকীয়ে বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বিটিচি এলেকাৰ অঞ্চলত এটকাৰো কাম কৰা নাই বুলি অভিযোগ কৰি নিৰ্বাচনৰ সময়ত কিন্তু উক্ত অঞ্চলৰ লোকৰ ভোট লাগে বুলি কতাক্ষ কৰে ৷ উল্লেখ্য যে আসন্ন অসম বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি আহিবলৈ ধৰাত একাংশ অগপ কৰ্মীয়ে দলত্যাগ কৰিবলৈ লোৱাত    বঙাইগাঁও বিধান সভা সমষ্টিত অগপ দলৰ ভিতৰ চ'ৰাত ক্ৰমাৎ যে দলীয় সংঘাতৰ উকমুকনি আৰম্ভ হৈছে তাৰ ইংগিত প্ৰদান কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ৷ দলটোৰ লগত সুদীৰ্ঘদিন ধৰি জড়িত থকা দলীয় কৰ্মীয়ে দলত্যাগ কৰাৰ ফলত দলটোৰ সাংগঠনিক দিশত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷ কাৰণ মঙলবাৰে দল ত্যাগ কৰা প্ৰাক্তন পৌৰপতি দীপু চৌধুৰীৰ দলটোত আছিল কিছু প্ৰভাৱ ৷ দীপু চৌধুৰীয়ে নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত যোগদান কৰি সমষ্টিটোৰ পৰা সমাগত বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে ৷ ফলত অগপ দলৰ বাবে বিষয়টো চিন্তাৰ কাৰণ হৈ উঠিব পাৰে ৷ ইপিনে সমষ্টিটোত নতুনকৈ গঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা ৷ সংবাদ মেলত অসম জাতীয় পৰিষদে সমষ্টিটোত সাংগঠনিক কাম- কাজ আৰম্ভ কৰা বুলি প্ৰকাশ কৰি ইতিমধ্যে দলীয় প্ৰৰ্থিত্বৰ বাবে আগ্ৰহীসকলে আবেদন কৰিব পাৰে বুলিও বৈষ্ণৱে কয় ৷ লগতে অতি কম দিনৰ ভিতৰত দলটোৰ সকলো কথা বঙাইগাঁওবাসী ৰাইজে জানিবলৈ পাব বুলিও মন্তব্য কৰে ৷ উল্লেখ্য যে প্ৰভাৱ বৈষ্ণৱে বিগত ২০০৪ চৱতে বিধায়ক ফণীভূষণ চৌধুৰীৰ একনায়কত্ববাদ আৰু স্বেচ্ছাচাৰিতাৰ বাবে অগপ দল ত্যাগ কৰিছিল বুলিও সংবাদ মেলত উল্লেখ কৰে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা