মৈৰাবাৰী কলেজত কবিতাৰ ভাষা বিষয়ক বক্তৃতানুষ্ঠান

 নছিদুৰ ৰহমান, মৈৰাবাৰী, ১৩ ফেব্ৰুৱাৰীঃ মৰিগাওঁ জিলাৰ মৈৰাবাৰী কলেজত “ New Criticism, Russian Formalism and the Language of Poetry” (নতুন সমালোচনা, ৰুছীয় ৰূপবাদ আৰু কবিতাৰ ভাষা) শীৰ্ষক এটি মনোজ্ঞ বক্তৃতানুষ্ঠান যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈ যায় । মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ গৱেষক ছাদিকুল ইছলামে নিৰ্দিষ্ট বক্তাৰ ভাষণত কবিতাৰ ভাষাৰ স্বৰূপ তথা প্ৰাচ্য আৰু পাশ্চাত্য বৌদ্ধিক ইতিহাসত  কবিতাৰ ভাষাৰ বিষয়ে হোৱা বিভিন্ন আলোচনাৰ বিষয়ে সম্যক আভাস দাঙি ধৰে। তেওঁ কয় যে বিংশ শতাব্দীৰ প্ৰথম কেইদশকমানত এজৰা পাউন্ড,  টি, এছ, এলিয়্ট,  আই, এ, ৰিচাৰ্ডচ আদি তাত্বিকৰ দ্বাৰা প্ৰভাৱিত হৈ  বিশেষকৈ আমেৰিকান সমালোচনা জগতত ‘নতুন সমালোচক’ নামেৰে পৰিচিতি লাভ কৰা জন ক্ৰ’ ৰেনছম, উইলিয়াম এম্পছন, ক্লীন্থ ব্ৰুকচ, ৰবাৰ্ট পেন ওৱাৰেণ, আৰ, পি ব্লেকমুৰ, এলেন টেইট আদিয়ে কাব্য ভাষাৰ স্বৰূপ সম্পৰ্কে ভালেমান মৌলিক ধাৰণা আগবঢ়াইছিল । ইংগ-মাৰ্কিন নতুন সমালোচনাৰ প্ৰায় সমান্তৰালকৈ ছোভিয়েত ৰাছিয়াত  কাব্যিক ভাষাৰ প্ৰণালীৱদ্ধ গৱেষণাৰ বাবে ভিক্টৰ শ্লাভস্কি, ৰোমান য়াকবছন, বৰিছ এইখেনবাউম আদিৰ নেতৃত্বত গঠিত হোৱা ‘কাব্যিক ভাষা গৱেষণা সমাজ’ এও  কবিতাৰ ভাষাৰ বিষয়ে গুৰুত্বপূৰ্ণ তাত্বিক আলোচনা আগবঢ়াইছিল। পৰৱৰ্তী সময়ত ‘নতুন সমালোচনা’ আৰু ‘ৰুছীয় ৰূপবাদ’ৰ বিভিন্ন দূৰ্বলতা ধৰা পৰিলেও সাহিত্যৰ বিশেষকৈ কবিতাৰ ভাষাৰ স্বকীয় স্বৰূপ সম্পৰ্কে উক্ত ধাৰা দুটাই সৃষ্টি কৰা ধাৰণাসমূহ এতিয়াও প্ৰাসংগিক। তেওঁ কয় যে আধুনিক কাব্যচিন্তাত স্বপ্নচাৰিতা গ্ৰহণযোগ্য নহয়। কবিতাৰ সৃষ্টিৰ বাবে সচেতন মনোনিৱেশৰ প্ৰয়োজন। কাব্যিক ভাষাৰ চৰিত্ৰ সঠিকভাৱে অনুধাৱন কৰা আৰু  ইয়াৰ সঠিক প্ৰয়োগৰ দ্বাৰাহে ৰসোত্তীৰ্ণ কবিতাৰ সৃষ্টি সম্ভৱ।  ইয়াৰ বাবে কবিতাৰ চৰ্চা কৰাসকল অধ্যয়নশীল হোৱাটো বাঞ্ছ্নীয়। মহাবিদ্যালয়ৰ Student  Support and Progression Cellএ আয়োজন কৰা অনুষ্ঠানটিৰ আঁত ধৰে Cellৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ ময়িদুল ইছলামে আৰু শলাগৰ শৰাই  আগবঢ়ায় Internal Quality Assurance Cellৰ  সমন্বয়ক অধ্যাপক দলিল উদ্দিন আহমেদে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ছামছুদ্দিন আহমেদকে ধৰি বিভিন্ন বিভাগৰ অধ্যাপক- অধ্যাপিকা তথা শতাধিক ছাত্ৰ-ছাত্ৰী অনুষ্ঠানটিত উপস্থিত থাকে।

নছিদুৰ ৰহমান,মৈৰাবাৰী,

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা