সৰুৰে পৰা এইবোৰ দেখি দেখি ভাগৰি পৰিছো : জুবিন গাৰ্গ

‘‘সৰুৰে পৰা এইবোৰ দেখি দেখি ভাগৰি পৰিছো। এতিয়া এইবোৰ নালাগে। এতিয়া নতুন নতুন কাম হওক। ভাল কাম হওক। ভাল চিন্তা, ভাল পদক্ষেপ আদি হ’ব লাগে। তেতিয়াহে অসমৰ উন্নতি হ’ব। নহ’লে আকৌ পিছুৱাই যাম আমি।’’ – এই মন্তব্য জুবিন গাৰ্গৰ। কুইপৰ দুই বিষয়াক অপহৰণৰ প্ৰসংগটো টানি কোকৰাঝাৰত সাংবাদিকৰ সন্মুখত তেও লগতে কয় যে 
 ‘‘পৰেশ দাই বিবেচনা কৰি চাওক আৰু এৰি দিয়ক। নিৰপৰাধ দুজন মানুহক উঠাই লৈ গৈছে। তেওঁলোকে চৰকাৰৰ লগত কথা পাতক। সেই মানুহ দুজনক ধৰি ৰাখি শাস্তি দি কি লাভ আছে? তেওঁলোকৰ পৰিয়াল আছে, নিজৰ জগত এখন আছে।’’
উল্লেখ্য যে কোকৰাঝাৰত এটি অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল জুবিন গাৰ্গে।

Comments