সৰুৰে পৰা এইবোৰ দেখি দেখি ভাগৰি পৰিছো : জুবিন গাৰ্গ

‘‘সৰুৰে পৰা এইবোৰ দেখি দেখি ভাগৰি পৰিছো। এতিয়া এইবোৰ নালাগে। এতিয়া নতুন নতুন কাম হওক। ভাল কাম হওক। ভাল চিন্তা, ভাল পদক্ষেপ আদি হ’ব লাগে। তেতিয়াহে অসমৰ উন্নতি হ’ব। নহ’লে আকৌ পিছুৱাই যাম আমি।’’ – এই মন্তব্য জুবিন গাৰ্গৰ। কুইপৰ দুই বিষয়াক অপহৰণৰ প্ৰসংগটো টানি কোকৰাঝাৰত সাংবাদিকৰ সন্মুখত তেও লগতে কয় যে 
 ‘‘পৰেশ দাই বিবেচনা কৰি চাওক আৰু এৰি দিয়ক। নিৰপৰাধ দুজন মানুহক উঠাই লৈ গৈছে। তেওঁলোকে চৰকাৰৰ লগত কথা পাতক। সেই মানুহ দুজনক ধৰি ৰাখি শাস্তি দি কি লাভ আছে? তেওঁলোকৰ পৰিয়াল আছে, নিজৰ জগত এখন আছে।’’
উল্লেখ্য যে কোকৰাঝাৰত এটি অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল জুবিন গাৰ্গে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা