বঙাইগাঁও জিলাৰ নাচনগুৰীত কণ্টেনাৰৰ পৰা ৩০০ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ

বঙাইগাঁওঃ ১৩ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নাচনগুৰীত আজি বিয়লিৰ ভাগত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ হয় ৷ সুৰাখিনি আৱকাৰী বিভাগৰ উপস্থিতিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা ইউপি ২০ টি ৩৬৭৬ নম্বৰৰ এখন কণ্টেনাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৷ কণ্টেনাৰখনৰ পৰা ৩০০ কাৰ্টন অৰুণাচলী সুৰা জব্দ হয় ৷ জব্দকৃত এই তিনিশটা কাৰ্টনত মুঠ ৭,৪৪০ বটল সুৰা আছিল ৷ উল্লেখ্য যে সুৰাখিনি  কণ্টেনাৰখনৰ গোপন চেম্বাৰত লুকুৱাই অনা হৈছিল ৷ ইপিনে আৰক্ষীৰ অভিযানৰ উমান পাই  কণ্টেনাৰখনৰ চালক আৰু হেণ্ডিমেন দুয়ো পলায়ণ কৰে । কণ্টেনাৰখনৰ পৰা আৰক্ষীয়ে এইচ আৰ- ৭৩ আৰ ৫৯২০ আৰু  আৰ জে- ২৯ জি এ ৬৭২৪ নম্বৰৰ দুখনকৈ নম্বৰ প্লেটো উদ্ধাৰ কৰে । উল্লেখ্য যে আৰক্ষীয়ে জানিবলৈ দিয়া মতে কণ্টেনাৰখন ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত ৰৈ থকাত সন্দেহ ওপজে আৰু পিচত তালাচী চলায় ৷ তালাচীত কণ্টেনাৰখনত অবৈধ সুৰা থকা বুলি সন্দেহ কৰি আৱকাৰী বিভাগক খবৰ দিয়ে ৷ পিচত আৱকাৰী বিভাগৰ উপস্থিতিত কণ্টেনাৰখনৰ গোপন চেম্বাৰৰ পৰা এই সুৰাখিনি জব্দ কৰে ৷ লগতে আৰক্ষীয়ে কণ্টেনাৰখনো জব্দ কৰিছে ৷ অৱশ্যে কণ্টেনাৰখনে সুৰাখিনি কৰ পৰা আনিছে আৰু কলৈ নিব সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দি তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা