বঙাইগাঁৱত অনুসূচিত জাতি উপ-পৰিকল্পনা শিতানত শুকান মাছ আৰু মাছৰ আচাৰ প্ৰস্তুতকৰণৰ জৰিয়তে উদ্যমিতা বিকাশৰ বাবে তিনিদিনীয়া প্ৰশিক্ষণ
বঙাইগাঁওঃ ১০ ফেব্ৰুৱাৰীঃ বঙাইগাঁওস্থিত শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ( ডায়েট)ত আজিৰে পৰা অহা ১২ ফেব্ৰুৱাৰী পৰ্য্যন্ত তিনিদিনীয়া কাৰ্যসূচীৰে পাঞ্জাৱৰ লুধিয়ানাস্থিত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ-মাছ চপোৱাৰ পাৰ্শ্বকালীন প্ৰযুক্তিৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান (আইচিএআৰ-চিআইপিএইচইটি)ৰ উদ্যোগত আৰু বঙাইগাঁও জিলা মীন বিভাগৰ সহযোগত অনুসূচিত জাতি উপ-পৰিকল্পনা (এচচিএচপি) শিতানত শুকান মাছ আৰু মাছৰ আচাৰ প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ আৰম্ভ হৈছে ৷ নিৰ্বাচিত অনুসূচিত জাতিৰ (এচচি) ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মীপ্ৰিয়াই। প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি নিজৰ বক্তব্যত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে বঙাইগাঁও জিলাত বায়’ফ্লক, সম্পূৰ্ণা, সঁজাতি মীন পালন, আৰ-এ-এছ আদি বহুতো নতুন নতুন মীন পালন প্ৰযুক্তিৰ আঁচনি গ্ৰহণ কৰা হৈছে। তেওঁ প্ৰশিক্ষাৰ্থী সকলক মাছৰ আচাৰ আৰু শুকান মাছ বনোৱাৰ বিষয়ে এই নতুন প্ৰশিক্ষণৰ যোগেদি ভালদৰে অৱগত হৈ ল’বলৈ আহ্বান জনায়। জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে এই বিষয়টো এক নতুন বিষয় হোৱা হেতুকে ইয়াৰ দ্বাৰা ভাল উপাৰ্জনেৰে স্বাৱলম্বী হোৱাৰ বহু সম্ভৱনীয়তা আছে আৰু লগতে এনেকুৱা এটা নতুন বিষয়ৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে তেওঁ জিলা মীন উন্নয়ন বিষয়াক ধন্যবাদ জনায়। আনহাতে বঙাইগাঁও জিলা কৃষি বিকাশ কেন্দ্ৰৰ মুৰব্বী ড° চিন্ময় শৰ্মাই প্ৰশিক্ষণ সম্পৰ্কত সকলো দিশ সামৰি চমু আলোকপাত কৰে। সেইদৰে জিলা কৃষি বিষয়াই নিজৰ চমু ভাষণত কৃষকৰ উন্নতিৰ বাবে কৃষি, মীন, পশু, ৰেচম আদি আটাইবোৰ বিভাগে মিলি কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰি এনেকুৱা এটা প্ৰশিক্ষণ অনুস্থিত কৰিবলৈ সমৰ্থ হোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে আৰু সহযোগিতাৰ বাবে জিলা উপায়ুক্ত গৰাকীক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে আইচিএআৰ-চিআইপিএইচইটি ৰ মুখ্য বিজ্ঞানী- ড° আৰমান উল্লাহ মুজাদ্দাদিয়ে সকলো প্ৰশিক্ষাৰ্থীক ভালদৰে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।তেওঁ কয় যে মাছ পানীৰ পৰা উঠাই অনাৰ পিছৰে পৰা প্ৰচেচিং আৰম্ভ হয়। মূল্য সংযোজন কৰি মাছৰ বিভিন্ন উপকৰণ বনাব পাৰি। মীন উন্নয়ন বিষয়া হিমাংশু প্ৰকাশ দাসে পৰিচালনা কৰা তিনিদিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভণি অনুষ্ঠানত আইচিএআৰ-চিআইপিএইচইটি ৰ মুখ্য বিজ্ঞানী ড° আৰমান উল্লাহ মুজাদ্দাদি আৰু বিজ্ঞানী ড° গুৰু পি এন উপস্থিত থকাৰ উপৰিও বঙাইগাঁও জিলা মীন বিভাগ আৰু বঙাইগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment