বজালীৰ ভৱানীপুৰত তিনিটাকৈ শুভাৰম্ভণি অনুষ্ঠানত বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা

সঞ্জীৱ দাস, বজালী

আজি বজালীৰ ভৱানীপুৰত তিনিটাকৈ শুভাৰম্ভণি অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে অসম কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ মনোজ বৰুৱাই। বজালীৰ ভৱানীপুৰৰ কলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কলবাৰী আৰু বাংলীপাৰা গাঁওত প্ৰথমে দুটাকৈ পকী ৰাস্তাৰ শুভাৰম্ভণি কৰে বৰুৱাই। ইয়াৰ পাছতেই ভৱানীপুৰৰ মাহতলীহাটিৰ 'অজয় ডেকাৰ ঘৰৰ পৰা কলেজ ৰোডলৈ যোৱা ৰাস্তাৰ ড্ৰেইন'ৰ শুভাৰম্ভণি কৰে। আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত মনোজ বৰুৱাক সংগ দিয়ে বিজেপিৰ বজালী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মণ্টু তালুকদাৰ, এছ চি মৰ্চাৰ বজালী জিলা সমিতিৰ সভাপতি নৱ ভৰালী, যুৱ-মৰ্চাৰ ভৱানীপুৰ মণ্ডল সমিতিৰ বনজিৎ মণ্ডল, কলবাৰী গাঁও পঞ্চায়তৰ সভাপতি পুলক বৈশ্য, গলিয়া গাঁও পঞ্চায়তৰ সভাপতি নুৰুল ইছলাম হাজৰিকা, কাউন্সিলৰ নিতুল দাস, ভৱানীপুৰ উচ্চ বালিকা বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক চণ্ডি প্ৰসাদ দাস, সমাজকৰ্মী নিকুঞ্জ দাস, কুমাৰ কৃষ্ণ ডেকাকে ধৰি বহুতো গণ্য-মান্য ব্যক্তিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা