'তেল আৰু সুন্দৰীৰ দেশত' শীর্ষক গ্ৰন্থ উন্মোচন



ষ্টাফৰিপোৰ্টাৰ, ২১ ফেব্ৰুৱাৰী : 'অসমীয়া ভ্ৰমণ কাহিনীত এখন নতুন গ্ৰন্থ সংযোজন হ'ল। ভ্ৰমণ কাহিনীত সাধাৰণতে সাহিত্যৰ ৰস পোৱা নাযায়। কিন্তু আহছানুল হুছেইনৰ ভ্ৰমণকাহিনী 'তেল আৰু সুন্দৰীৰ দেশত' সাহিত্যৰ ৰস পোৱা গৈছে-এইদৰে কয় বিশিষ্ট কবি নীলিম কুমাৰে। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত লেখক আহছানুল হুছেইনৰ
'তেল আৰু সুন্দৰীৰ দেশত' উন্মোচন কৰি বিশিষ্ট কবি নীলিম কুমাৰে লগতে কয় 'ভ্ৰমণ কাহিনী এখন সাহিত্য হৈ উঠা ডাঙৰ কথা। এইখন উপন্যাস পৰ্যায়ৰ হৈছে তাত সৃষ্টিশীলতা প্ৰকাশ পাইছে। লেখকৰ ভাষা সাৱলীল আৰু  প্ৰকাশ ভংগী স্বাভাৱিক। এই গ্ৰন্থখন পাঠকে পঢ়িলে প্ৰকৃতাৰ্থত গ্ৰন্থখন উন্মোচন হ'ব।' ভি জে জাৰাই আঁতধৰা সভাখনত  জ্যেষ্ঠ সাংবাদিক পুলিন কলিতা,  ছায়ামণি ভূঞাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। আনহাতে লেখক আহছানুল হুছেইনে গ্ৰন্থখনৰ আঁৰৰ কথা কয়। সভাত শলাগৰ শৰাই আগবঢ়াই বিশিষ্ট কবি, লেখক জনাৰ্দন গোস্বামীয়ে
সভাত বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা