অসমৰ ৰাইজে ব্যাপক হাৰত ভোটদান সাব্যস্ত কৰিব




ষ্টাফৰিপোৰ্টৰ,২৮ ফেব্ৰুৱাৰী : অসমৰ ৰাইজৰ আৰ্শীবাদত অসমত এইবাৰো আকৌ বিজেপিৰ চৰকাৰ গঠন হ'ব।এইবাৰো অসমৰ ৰাইজে ব্যাপক হাৰত ভোটদান সাব্যস্ত কৰিব। দেওবাৰে গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশ্বিনী কুমাৰ শ্বুবেই এই মন্তব্য কৰে।গুৱাহাটীৰ হোটেল ৰেডিচন ব্লু'ত এখন সংবাদমেলৰ আয়োজন কৰি মন্ত্ৰী গৰাকীয়ে কয় "কংগ্ৰেছৰ শাসনত অসমক কংগ্ৰেছে অসমত হিংসা আৰু উগ্ৰবাদ দিলে।অসম সকলো ক্ষেত্ৰতে  বহুত পিছ পৰি গ'ল।কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম আগবাঢ়ি গ'ল।যোৱা পাঁচটা বছৰত এই চৰকাৰে ঘৰে ঘৰে বিকাশৰ বাবে কাম কৰিলে।অসমত শান্তি আৰু সম্প্ৰীতিৰ পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দি আহিছে। বিগত পাঁচ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ৩৫ বাৰৰো অধিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উন্নয়নৰ খবৰ লৈ আহিছে।সেয়েহে  অসমৰ ৰাইজে এতিয়া কংগ্ৰেছৰ অপশাসনৰ দিনবোৰ মনত পেলাই বিজেপি চৰকাৰক আকোৱালি লৈছে।মোৰ অত্যন্ত বিশ্বাস যে এইবাৰো অসমৰ ৰাইজে বিজেপিকে আৰ্শীবাদ দি বিজেপিৰ চৰকাৰ গঠন কৰিব।

ইফালে পশ্চিমবংগৰ ৰাজনীতিৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় ',পশ্চিমবংগতো পৰিৱৰ্তনৰ বতাহ বলিছে।পশ্চিমবংগৰ ৰাইজেও পৰিৱৰ্তন বিচাৰিছে।পশ্চিমবংগত শান্তি আৰু সম্প্ৰীতিৰ পৰিবেশ সৃষ্টি কেৱল মাত্ৰ বিজেপি চৰকাৰেহে কৰিব পাৰিব।সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কভিড-১৯ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে।তেওঁ কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত  অসমত এতিয়া প্ৰায় ক'ভিড নিয়ন্ত্ৰন কৰা হৈছে।ভাৰতত এতিয়ালৈকে ১.৩৭ কোটি স্বাস্থ্যকৰ্মী আৰু ক'ভিড যোদ্ধাক ভেকচিন প্ৰদান কৰা হৈছে।ভেকচিনৰ প্ৰথম ডোজ লোৱা ৬৬,৩৭,০৪৯ গৰাকী স্বাস্থ্য কৰ্মীৰ ভিতৰৰে ২২,০৪,০৮৩ গৰাকী স্বাস্থ্য কৰ্মীয়ে দ্বিতীয় ডোজ গ্ৰহণ কৰিছে।একেদৰে অন্যান্য জটিল ৰোগত আক্ৰান্ত ৪৫ বছৰৰ ওপৰৰ লোকসকলকো ভেকচিন প্ৰদান কৰা হ’ব।১ মাৰ্চৰ পৰা চৰকাৰে ৬০ বছৰৰ ওপৰৰ লোক সকলক কোভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।খুব সোনকালেই দেশৰ সাধাৰণ জনতাৰ বাবেও ভেকচিন মুকলি কৰি দিয়া হ’ব।দেশত চৰকাৰী উদ্যোগত ক'ভিডৰ ভেকচিন দিয়াৰ কাম চলি আছে যদিও শীঘ্ৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহতো উপলব্ধ হ’ব ভেকচিন।ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ভেকচিন গ্ৰহণ কৰিবলৈ যোৱা লোকৰ পৰা ইচ্ছামতে ল’ব নোৱাৰিব ধন।কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে একোটা ক'ভিডৰ ভেকচিনৰ মূল্য ২৫০ টকাকৈ  নিৰ্দ্ধাৰণ কৰি দিছে।'

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা