ডঃ দেৱ প্ৰসাদ বৰুৱাৰ স্মৃতিৰক্ষা সমিতিৰ গ্ৰন্থ উন্মোচন




গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : ডঃ দেৱ প্ৰসাদ বৰুৱাৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্যৰ অষ্টম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি 'জাতীয় জীৱনৰ বটবৃক্ষ ড০ দেৱপ্ৰসাদ বৰুৱা' উন্মোচন
 কৰা হয়। এই উপলক্ষে খাৰঘুলিস্থিত নিজা বসগৃহত অলপতে অনুষ্ঠিত
অষ্টম মৃত্যুবাৰ্ষিকীৰ অনুষ্ঠানত 
পৰিয়ালৰ লোক আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত  গ্ৰন্থখন উন্মোচন কৰা হয়। চিন্তা আৰু কৰ্মৰ এক বিশাল পৰিমণ্ডলত বিচৰণ কৰা ডঃ দেৱ প্ৰসাদ বৰুৱাক অতি ওচৰৰ পৰা অধ্যয়ন কৰিছিল বহুজনে। অধ্যয়ন, শিক্ষকতা, গৱেষণা, শ্ৰমিক আন্দোলন, জাতীয় আন্দোলন, সমাজ সংস্কাৰৰ পদক্ষেপসমূহৰ লগতে ছাত্র-যুৱক-নাৰী আদি সমাজৰ প্ৰতিটো স্তৰত আত্মিক হৈ পৰা ডঃ দেৱ প্ৰসাদ বৰুৱাৰ ওপৰত বিশ্লেষণ আগবঢ়াই আহিছে বহুজনে। ৰাজ্যৰ গণ সংগঠনসমূহৰ বৌদ্ধিক অভিভাৱক হৈ পৰিছিল ডঃ দেৱ প্ৰসাদ বৰুৱা।
অসমৰ সমাজ জীৱনৰ এই বৰেণ্য ব্যক্তিসকলৰ মাজৰ পৰা কিছু ব‍্যক্তিৰ ডঃ দেৱ প্ৰসাদ বৰুৱাৰ জীৱন দৰ্শন তথা কৰ্মৰাজিৰ ওপৰত কৰা বক্তব্য পাঠক সমাজৰ কাষলৈ নিয়াটোয়ে এই গ্ৰন্থখনৰ উদ্দেশ্য আৰু এই আলোচনাৰ মাজত তেওঁক কৰ্মজীৱনক উপলব্ধি কৰিব পাৰিব বুলি গ্ৰন্থখনৰ সম্পাদনা কৰা অদীপ কুমাৰ ফুকন, চাৰ্ল
ছ বৰুৱা আৰু ড০ কান্তা চক্ৰৱৰ্তীয়ে
 আশা কৰিছে। গ্ৰন্থখনৰ  বেটুপাত অংকন কৰিছে সঞ্জীৱ বৰাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা