উত্তৰ-পূব বেত আৰু বাঁহ উন্নয়ন পৰিষদত বাঁহৰ ট্ৰিটমেণ্ট প্ৰকল্প উদ্বোধন





ষ্টাফরিপোৰ্টৰ, ২৪ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ দাঁতি কাষৰীয়া অঞ্চল বৰ্নিহাটস্থিত  উত্তৰ-পূব বেত আৰু বাঁহৰ উন্নয়ন পৰিষদ (NECBDC)ত ২৪ ফেব্ৰুৱাৰীত উদ্বোধন কৰা হয় বাঁহৰ ট্ৰিটমেণ্ট প্ৰকল্প। এই প্ৰকল্পটো উদ্বোধন কৰে ড'নাৰ, এমঅএছ পি এম অ',পাৰ্চনেল, পাব্লিক গ্ৰিভনচ (Grievances) আৰু পেন্সন, পাৰমাণৱিক এনাৰ্জি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী (স্বতন্ত্ৰ চাৰ্জ) ড০ জিতেন্দ্ৰ সিঙে।
এই উদ্বোধনী অনুষ্ঠান উপস্থিত আছিল এয়াৰ মাৰ্শ্বল তথা পিভিএছএম, এভিএছএম,  সদস্য উত্তৰ-পূব পৰিষদৰ অঞ্জন কুমাৰ গগৈৰ লগতে এনইচিবিডিচিৰ মেনেজমেণ্টে সঞ্চালক
ড০ শৈলেন্দ্ৰ চৌধুৰী, এনইচিৰ উপদেষ্টা (বিআইট) আৰ লালৰোডিঞ্জি (R Lalrodingi)ৰ লগতে অন্যান্য।এই প্ৰকল্প উদ্বোধন কৰি এনইচি, এনইচিবিডিচিৰ ভূমিকা আৰু এনইচিবিডিচিৰ ড০ চৌধুৰীৰ কামক ভূয়সী প্ৰশংসা কৰে ড০ সিঙে।
প্ৰকল্পটো ৰাষ্ট্ৰীয় বাঁহ মিছন আৰু উত্তৰ-পূব পৰিষদৰ পুঁজিদ্বাৰা স্থাপন আৰু ভেকুৱাম -প্ৰেচাৰ- ইম্প্ৰেজেনচন (Impregnation)   কৌশলৰ ওপৰত আধাৰিত। 
ভাৰতক স্বাৱলম্বী কৰি তোলাৰ বাবে এইটো কেন্দ্ৰীয় চৰকাৰৰ এক উদ্যোগ, যাৰ দ্বাৰা 
বাঁহ উদ্যোগ আৰু এই খণ্ডত নিয়োগ সৃষ্টি কৰিব পৰা যায়। এই প্ৰকাৰৰ প্ৰকল্পই উত্তৰ পূৱৰ
স্থানীয় যুৱ আৰু  কৃষক সকলক ট্ৰিটমেণ্ট প্ৰকল্প স্থাপন কৰিবলৈ উৎসাহিত কৰিব। লগতে গাওঁবোৰত উৎপাদিত তেওঁলোকৰ বাঁহৰ বাবে এখন ভাল বজাৰ প্ৰদান কৰিব। বাঁহ-উদ্যোগীয়ে ২০০ শতাংশ লাভৰ মাৰ্জিন লাভ কৰাৰ সুযোগ পাব।

অসমত এই প্ৰযুক্তিৰ প্ৰৱৰ্তনে প্ৰতি বছৰে ৫০০ তকৈও অধিক  শিল্পী, উদ্যোগী, কৃষক, ক্ষেত্ৰ কৰ্মকৰ্তা, শিক্ষাৰ্থী, আর্কিটেক্ট, বিজ্ঞানী আৰু পেছাদাৰী লাভম্বিত হ'ব বুলি আশা কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা