ৰঙিয়াত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলী

প্ৰতিবেদক, ৰঙিয়া, ২৪ ফেব্ৰুৱাৰীঃ ৰঙিয়াৰ পৰা ডিমু লৈ বিশাল চাইকেল ৰেলী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি ৰঙিয়া সমষ্টিত উপস্থিত হয় ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী শৰ্মাৰ চাইকেল ৰেলীয়ে ৰঙিয়া চহৰ জনসমুদ্ৰত পৰিণত হয় ।ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা ডিমু লৈ উলিওৱা এই চাইকেল ৰেলীত অংশ লয় কেইবা শ’ বি জে পিৰ কৰ্মীয়ে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ দখলত থকা সমষ্টিটো পুনৰ বিজেপিৰ দখললৈ আনিবৰ বাবে চাইকেল ৰেলীৰে নিৰ্বাচনী ৰন ডংকা বজায় মন্ত্ৰী ড০ শৰ্মায়ে । মন্ত্ৰী ড০ শৰ্মাৰ লগতে সমদলত ভাগ লয়, ৰাজ্য সভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই।আজিৰ চাইকেল সমদলত কেইবা শ লোকে অংশ লোৱাৰ লগতে বাটে পথে সহস্ৰাধিক লোকে মন্ত্ৰী গৰাকীক বিপুল আদৰণি জনায়। ৰাইজৰ অংশগ্ৰহণ আৰু মৰম চেনেহ দেখি ড০ শৰ্মাই উৎফুল্লিত হোৱা দেখা যায় ।আনহাতে ৰেলীৰ আৰম্ভণিতে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মিত ৰঙিয়া তিনিআলিৰ পৰা ৰেলৱে ষ্টেচনলৈ যোৱা পথটিৰ উদ্বোধন কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা